ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খণ্ড গাঁৱৰ এটি পৰিয়ালৰ দুজনকৈ ব্যাক্তি দুৰ্ভাগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আছে
উন্নত চিকিৎসাৰ অভাৱত এতিয়া দিনক দিনে মৃত্যুৰ ক্ষন গুনিছে এটি দৰিদ্ৰ পৰিয়ালৰ দুজনকৈ সদস্য মাক আৰু পুতেকে।
আপোনাৰ আমাৰ দৰে এইজন মাক আৰু পুতেকৰ এটা সময়ত ভালে কুশলে দিন পাৰ কৰি আহিছিল।
তেখেত হয়তো কেতিয়াও ভৱা নাছিল হঠাৎ তেঁখেতৰ জীৱনত নামি আহিব ঘোৰ অমানিশা!!
কিন্তুু বিধিৰ লিখনি কোনে কৰিব খণ্ডন নেদেখা জনৰ ইচ্ছাত কাক কেতিয়া কোন পৰ্যায়ত লৈ যায় কোনেও কব নোৱাৰে।
সৰ্বসান্ত হৈ আজি উন্নত চিকিৎসাৰ বাবে হাত আগবঢ়াব লগা হৈছে হৃদয়বান ব্যাক্তিৰ ওচৰত!!
এই কৰুণ কাহিনীটো সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খণ্ড গাঁৱৰ ছাকিমুল আলম খণ্ডকাৰৰ ঘৈনীয়েক আৰাজুমান ভানু(৪০) আৰু প্ৰথম পুত্ৰ নৱম শ্ৰেণী উৰ্ত্তীন আফিলুৰ খণ্ডকাৰ নামৰ ১৮ বছৰীয়া পুত্ৰ জনৰ পৰিয়ালত।
বিগত পাঁচ বছৰ ধৰি দুজনেই দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ অসমৰ ইমুৰৰ পৰা সিমূৰত চিকিৎসা কৰিছে যদিওঁ কোনো ভাল ফলাফল পোৱা নাই।
ইতিমধ্যে চিকিৎসা কৰি সা সম্পত্তি ভেটি মাটি আনকি থকা ঘৰটো বিক্ৰী কৰি সৰ্বশান্ত হৈছে পৰিয়ালটো। বৰ্তমান পৰিয়ালটো আৰ্থিক সংকটত ভুগি উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে।
বৰ্তমান ছাকিমুল আলম খণ্ডকাৰৰ পৰিয়ালত প্ৰথম পুত্ৰৰ লগতে ঘৈনীযেক দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাত চকুৰে ধূৱলি কূৱলি দেখাৰ বাহিৰে অন্য কোনো উপায় নাই বুলি স্বামীৰ লগতে পিতৃয়ে চকুলো টূকিছে।
চাৰিজনীয়া পৰিয়ালটোৰ মাকৰ লগতে নৱম শ্ৰেণী উৰ্ত্তীণ একমাত্ৰ পুতেক উপাৰ্জনকাৰী ল’ৰা যিজন বিগত ৫ বছৰ ধৰি মৃত্যুৰ সতে যুঁজি আছে।
সেয়ে উপায়ন্তৰ হৈ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বিধায়ক মিজানুৰ ৰহমান (বাবলু),ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলৰ লগতে অসমৰ মাননীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰ্থিক সহায় বিচাৰিছে কেঞ্চাৰ ৰোগত আক্ৰান্ত এটা পৰিয়ালৰ দুজনকৈ অসহায় ভুক্তভোগীৰ পৰিয়ালে।
আৰু কয় যে যদি কোনো হৃদয়বান ব্যাক্তিয়ে আৰজুমান ভানুক সহায় কৰিব বিচাৰে তেন্তে 6002483035 মোবাইল নম্বৰত যোগাযোগ কৰি অথবা
A/C-37128594892.
SBIN-0007416.নম্বৰত
আৰ্থিক ভাৱে সহায় কৰিবলৈ কাতৰ ভাৱে আহ্বান জনায় ভুক্তভোগী আফিলুৰ খণ্ডকাৰে।
বগৰীবাৰীৰ পৰা আলী আজাত ইছলামৰ
Leave a Reply