চনকা নবনির্মিত ৰিজৰ্ট বীচ ফায়াৰত উপস্থিত ৰিণিকি ভূঞা শৰ্মা
অসম খবৰ বিশেষ প্ৰতিনিধি মায়ং ৫ডিচেম্বৰ:
যাদুৰ দেশ মায়ঙৰ চনকাত বৃহস্পতি বাৰৰ নিশা উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কন্যা।
মৰিগাঁও জিলাৰ মায়ঙৰ চনকাত বৃহস্পতি বাৰে উন্মোচন কৰে বিচ্চ ফায়াৰ নামৰ এখন ৰিজৰ্ট উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই।
যুৱ উদ্যোগী দীপক ডেকাই ৰিজৰ্ট বিচ্চ ফায়াৰ নামেৰে আৰম্ভ কৰা এই ৰিজৰ্টৰ অন্যতম আকৰ্ষণ হ’ল, বাঁহ-কাঠেৰে সজা দুমহলীয়া পৰ্যটক থাকিব পৰা কোঠা। মনোমোহা পৰিৱেশ মাজত এই ৰিজৰ্টৰ সুস্বাদু আৰু স্বাস্থ্যসন্মত থলুৱা আহাৰে অঞ্চলটোলৈ পৰ্যটনৰ আগমনত আকৰ্ষণ সৃষ্টি কৰিছে।
ব্ৰহ্মপুত্ৰৰ পাৰত চনকাৰ প্ৰাকৃতিক পৰিৱেশত নিৰ্মাণ কৰা এই ৰিজৰ্টখন গুৱাহাটীৰ পৰা মাত্ৰ একঘণ্টাৰ দূৰত্বত অৱস্থিত।উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ নিশা অসমৰ অন্যতম পৰ্যটন স্হলী ৰূপে খ্যাত মায়ঙৰ চনকাত উপস্থিত হৈ চনকাত নবনির্মিত ৰিজৰ্ট বীচ ফায়াৰৰ ফিতা কাটি মাঙ্গলিক প্ৰক্ৰিয়াৰে ৰাইজৰ বাবে শুভ উদ্বোধন কৰে ৰিণিকি ভূঞা শৰ্মায়ে। লগতে চনকাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বন জুইৰ উমাল তাপত চাহৰ সোৱাদ লয়।
Leave a Reply