বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভা সম্পন্ন
বিহালী, ২৩ ডিচেম্বৰ :- আজি বিহালী বিধানসভা সমষ্টিৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ এখনি সভা মহাবিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত হয় ।
বিভাগটোৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ৰমেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে বিভাগটোৰ সহকাৰী অধ্যাপক দ্বয় বিভুতি নাথ আৰু বিজয় মিশ্ৰই ।
সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উক্ত সভাই পূৰ্বে গঠন কৰা প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সমিতিখন পুণৰ বাহাল ৰাখি নতুনকৈ কিছু সদস্যক অন্তৰ্ভুক্ত কৰে ।
সভাই সৰ্বসন্মতিক্ৰমে নিৰঞ্জন দাসক উপদেষ্টা, অম্লান কাশ্যপ চাহাক সভাপতি, মনোজ ভৰালী আৰু বিকি শইকীয়াক যুটীয়া সম্পাদক, সংগীতা চাহু, ভগীৰথ গোৱালা আৰু সঞ্জয় ঠাকুৰক সাংগঠনিক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে ।
সভাই অনাগত দিনত বিভিন্ন ধৰণৰ জন সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।।।
Leave a Reply