ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ ২০২০-২৩ বৰ্ষৰ গাঁওসভা
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত আজি গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ ২০২২-২৩ বৰ্ষৰ বাবে এখন গাঁওসভা অনুষ্ঠিত হয়।ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই।
সভাখনৰ আঁত ধৰে সচিব ভগৱান লহকৰে।
সভাত আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমল ব্যক্তি চত্তা–আলী খানে ভাষণ দিয়ে।উক্ত সভাত অঞ্চলটোৰ প্ৰায় শতাধিক ৰাইজৰ লগতে পঞ্চায়তখনৰ উপসভানেত্ৰী বিনীতা মজুমদাৰ, গ্ৰাম্য সখী,আত্মসহাক গোটৰ সদস্য,গাঁও সভাৰ সদস্য-সদস্যা আদিয়ে অংশগ্ৰহণ কৰে। সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহত কৰা হয়।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী
Leave a Reply