বিশ্বনাথৰ চেঙামাৰী হাইস্কুলত বিজ্ঞানৰ ব্যতিক্ৰমী পাঠদান বিজ্ঞান শিক্ষকৰ :
শ্ৰেণী কোঠাৰ পৰা আহি খেতিপথাৰত পাঠদান
বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন , ১৬ ডিচেম্বৰ ঃ
বিশ্বনাথৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীক অগতানুগতিক বিজ্ঞান
শিক্ষা প্ৰদান কৰাৰ এক অভিনৱ কৌশলে সচেতন মহলক আচৰিত কৰি তুলিছে।
২০১৯বৰ্ষত বিশ্বনাথ প্ৰশাসনৰ পৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ বঁটাপ্ৰাপক শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা আমোদজনক কৰিবলৈ অভিনৱ পদক্ষেপ উদ্ভাৱন কৰি জিলাখনৰ লগতে অসমৰ সৰ্বতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।
বিজ্ঞান শিক্ষক গৰাকীয়ে নৱমমানৰ গতিশক্তি বিষয়ৰ ওপৰত পঢ়াবৰ বাবে বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা মৰনৈত সকলো ছাত্ৰ-ছাত্ৰীক নমাই বোৱতী নৈৰ গতিশক্তি নিৰ্ণয় কৰিবলৈ শিকাইছে।ইয়াতে ছাত্ৰ-ছাত্ৰীসকলক জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰিক জ্ঞানো প্ৰদান কৰিছে।
শিক্ষকজনৰ এই ক্ৰিয়াকলাপ চাবলৈ অন্য বিষয়ৰ শিক্ষক সকলেও সদায় আগ্ৰহী হৈ থাকে।অষ্টমমানৰ শব্দৰ বিষয়ৰ ওপৰত পঢ়াবলৈ ধাননি পথাৰলৈ ছাত্ৰ-ছাত্ৰীক নি ধানৰ নৰাৰে পেপা বনাই শব্দৰ ওপৰত কেতিয়াও পাহৰিব নোৱাৰা শিক্ষা প্ৰদান কৰিছে।
দশমমানৰ পি এইচ স্কেল, বিদুত চুম্বকীয় আৱেশ, অপসৰণ বিক্ৰিয়া, লেনছ, দাপোণ, প্ৰকৃতিত কাৰ্বন চক্ৰ আদি বিষয়ৰ ওপৰত অভূতপূৰ্ব কৌশল ব্যৱহাৰ কৰি পাঠদান কৰাৰ ফলত বিজ্ঞান বিষয়তো, খেল-ধেমালিৰ মাজেৰে হাহি-স্ফূৰ্তিৰে বিজ্ঞান শিকাৰ দৰে হৈ পৰিছে। বিগত ১২ বছৰে ৰিপুঞ্জয় বৰদলৈৰ নেতৃত্বত চেঙামাৰী অঞ্চলৰপৰা বিজ্ঞান শিক্ষা গ্ৰহণত বহু ছাত্ৰ-ছাত্ৰী আগ্ৰহী হোৱা দেখা গৈছে।সাংবাদিকে লাভ কৰা তথ্য অনুসৰি চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তৃতীয়, দ্বিতীয় স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে সকলোৰে বাধা সত্বেও উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি প্ৰথম বিভাগ পোৱাটো সাধাৰণ কথাৰ দৰে ঘটনা হৈ পৰিছে।এইবাৰো বহুকেইজন তৃতীয় আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰাইছে।চেঙামাৰীৰ দৰে অঞ্চলত বিজ্ঞান শিক্ষাক সহজ বিষয় হিচাপে ছাত্ৰ-ছাত্ৰীৰ মনত স্থান দিবলৈ সক্ষম হোৱাৰ মূল কাৰণ হ’ল বিগত এটা দশক ধৰি বিজ্ঞান আৰু গণিতৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প, ইনছপায়াৰ এৱাৰ্ডৰ মডেল, গ্ৰাম্য বিজ্ঞান মেলা, ৰাষ্ট্ৰীয় পৰিৱেশ সচেতনতা কাৰ্যসূচীৰ লগতে হাতে কামে বিজ্ঞান শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিজ্ঞানভীতিক বিজ্ঞানপ্ৰীতিলৈ পৰিবৰ্তন কৰিবলৈ সক্ষম হৈছে।
শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে চেঙামাৰী ৰাইজৰ মাজত বিজ্ঞানভিত্তিক লাফু খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰি বিনামূলীয়াকৈ আত্মসহায়ক গোটক বীজ প্ৰদান কৰা, নিৱনুৱা যুৱক-যুৱতীক কৃষি বিষয়ক প্ৰশিক্ষণৰ বাবে বিশ্বনাথ কৃষি মহাবিদ্যালয়লৈ পঠোৱা, অন্ধবিশ্বাস দূৰীকৰণৰ বাবে অসম বিজ্ঞান সমিতিৰ সহযোগত শোভাযাত্ৰা, বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।স্থানীয় ৰাইজে সাংবাদিকক জনোৱা অনুসৰি বৰদলৈৰ প্ৰত্যেক বছৰে হাতত লোৱা এই কাৰ্যসূচীসমূহে চেঙামাৰী ৰাইজক বৰকৈ উপকৃত কৰিছে।
Leave a Reply