শেহতীয়া আপডেটঃ

অসম অৰুণাচল সীমান্তৱৰ্তী ছেলাইখাতিৰ মৃৎশিল্প, আৰু বাঁহ বেতৰ শিল্পকলাৰে জড়িত এগৰাকী বোবা, কলা, বিকলাংগ নিঃসহায় কিশোৰ শিল্পী এগৰাকীৰ নিঃস্বজীৱনৰ কৰুণ কথাৰে

অসম অৰুণাচল সীমান্তৱৰ্তী ছেলাইখাতিৰ মৃৎশিল্প, আৰু বাঁহ বেতৰ শিল্পকলাৰে জড়িত এগৰাকী বোবা, কলা, বিকলাংগ নিঃসহায় কিশোৰ শিল্পী এগৰাকীৰ নিঃস্বজীৱনৰ কৰুণ কথাৰে

বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ২নং ছেলাইখাতিৰ গবিন ৰংফাৰ নামৰ জনজাতীয় কাৰ্বি সম্প্ৰদায়ৰ ১৫ বছৰীয়া কিশোৰ এগৰাকীৰ শিল্পকলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

কিশোৰ গৰাকী কানেৰে নুশুনা কলা আৰু কথা কব নোৱাৰা বোবা একপ্ৰকাৰ বিকলাংগ বুলিয়ে কব পাৰি ৷ আকাৰ ইংগিতেৰে কিশোৰ গৰাকীয়ে নিজৰ নিঃস্বজীবন চলাই লৈ গৈছে ৷শাৰীৰিক বাধাগ্ৰস্ততা হৈয়ো জীৱন সংগ্ৰামত কোনো দিনে আপোচ কৰা নাই ৷

সংগ্ৰামী আৰু সৃজনশীল মণৰ অধিকাৰী কিশোৰ জনে কোনো ধৰণৰ কাৰিকৰী শিক্ষা নোলোৱাকৈয়ে নিজৰ একান্ত সাধনাৰে সাধাৰন বাঁহ বেতৰে বিখ্যাত তাজমহল, চাংঘৰ,ৰাধাকৃষ্ণৰ মন্দিৰ,বিভিন্ন দেৱদেৱীৰ ঐতিহাসিক শিল্পকলাৰ আৰ্হিৰে নিখুট শৈলীৰে বিভিন্ন ধৰনৰ মঠ মন্দিৰৰ লগতে ৰাজকাৰেং আদি সাজি উলিয়াই ৷ ইয়াৰ উপৰিও ভাস্কৰ্যশিল্পৰ অদ্ভুত কলাশৈলীৰ আৰ্হিত অট্টালিকা, বিভিন্ন ধৰণৰ আবাসগৃহ চকুত লগাকৈ সাজি উলিয়াবলৈ সক্ষম হয় ৷

কোনো ধৰণৰ সৰঞ্জাম নথকাকে সামান্য কটাৰী এখনেৰে এনে ধৰণৰ সামগ্ৰী সাজি উলিওৱা এক প্ৰকাৰ অদ্ভুত ক্ষমতা আৰু প্ৰতিভাৰ পৰিচয় দিছে ৷

ইয়াতো ক্ষান্ত নাথাকি কিশোৰমনৰ গবিন ৰংফাৰে মৃৎশিল্পতো সমানে সিদ্ধহস্ত ৷ৰাধা ,কৃষ্ণ, শিৱকে ধৰি বিভিন্ন দেব-দেৱীৰ প্ৰতিমুৰ্তিৰ লগতে মৃৎশিল্পৰ লগত জড়িত যিকোনো সা -সামগ্ৰী সাজি উলিয়াবলৈ সম্পূৰ্ণৰূপে সক্ষম ৷ জীৱন যুঁজৰ কঠিন বাস্তৱৰ ওচৰত কোনো দিনে হাৰ নামানা নিৰৱে নিতৌ নতুন কৌশল অৱলম্বনেৰে নিজ শিল্পকৰ্ম কৰি আগবাঢ়ি আছে গবিন ৰংফাৰে ৷ পিতৃহাৰা কিশোৰ জনৰ মাতৃ কাজক ক্ৰোপীয়ে জানিব দিয়ামতে যিকোনো ইলেক্ট্ৰনিক সা-সামগ্ৰীসমুহ বিকল হলে মেৰামতি কৰিবলৈও সক্ষম হয় ৷

সম্প্ৰতি দুই পুত্ৰক লৈ কোনোমতে হাজিৰা আদি কৰি জীৱন নিৰ্বাহ কৰি পৰিয়ালটিক চলাই আছে মাতৃ কাজক ক্ৰোপী ৷

নিৰাশা জনক ভাবে জীবন অতিবাহিত কৰা স্বামীহাৰা কাজক ক্ৰোপীয়ে পুত্ৰৰ সুবিধাৰ্থে প্ৰয়োজনীয় সা_সামগ্ৰীও অৰ্থৰ অভাৱত ক্ৰয় কৰিব পৰা নাই ৷ আনহাতে প্ৰয়োজনীয় শিক্ষাৰ পৰাও বঞ্চিত হৈছে দুইপুত্ৰ ৷উল্লেখ্য যে শিল্পী গবিন ৰংফাৰে প্ৰাথমিক স্তৰৰ প্ৰথম মান শ্ৰেনীত আকাৰ ইংগিতিৰে দেখি শিকি পঢ়াৰ সাৰমৰ্ম বুজিবলৈ সক্ষম হয় ৷

বগা কাগজত লিখি মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ লিখি দিলে সহজে বোধগম্য হব পৰা এক আচৰিত ক্ষমতাৰ অধিকাৰী কিশোৰজনক বিকলাংগ বিদ্যালয়ত লিখা পঢ়াৰ কৰাৰ সুবিধা প্ৰদান কৰিলে লগতে কাৰিকৰী দিশসমুহৰ ওপৰত কিছু সুবিধা প্ৰদান কৰিলে নিশ্চয়কৈ বিশ্বনাথ জিলা খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব ৷এই প্ৰতিবেদকক জানিব দিয়ামতে এই পৰ্যন্ত কোনোধৰণৰ চৰকাৰী সা-সুবিধা পোৱা নাই বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ৷

সেয়েহে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনেও কিশোৰগৰাকীৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে সুপ্ত প্ৰতিভা বিকাশ হোৱাত সহায়ক হব ৷

প্ৰতিবেদকঃ ৰমেশ চন্দ্ৰ চৰেণ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.