ৰঙিয়াত CITU ৰ উদ্যোগত ৰন্ধন কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী

potest

ৰঙিয়াত CITU ৰ উদ্যোগত ৰন্ধন কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী :

ৰঙিয়া১০ডিচেম্বৰ;

সমগ্ৰ অসমৰ লগতে আজি ৰঙিয়াতো CITUৰ সহযোগত সদৌ অসম কামৰূপ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰন্ধন কৰ্মীৰ সকলে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

তেওঁলোকে এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ ওচৰত মধ্যাহ্ন ভোজন আঁচনি পুনৰ NGOক দিয়াৰ চক্ৰান্ত বন্ধ কৰাৰ লগতে,বকেয়া মাননি শীঘ্ৰে আদায় দিয়া, ৰন্ধন কৰ্মীৰ কামৰ নিৰপত্তা প্ৰদান কৰা,আচঁনি কৰ্মীক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া আদি বিভিন্ন দাবী জনাই পৰিবেশ উত্তাল কৰি তুলে।

পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.