নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত AFSPA বাতিলৰ দাবিত অৱস্থান ধৰ্মঘট

নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত AFSPA বাতিলৰ দাবিত অৱস্থান ধৰ্মঘট

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট ।

নাগালেণ্ডত যি নিৰীহ লোকৰ সেনাৰ গুলিত মৃত্যু হ’ল। ইয়াকলৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে উত্তৰ-পূৰ্বিঞ্চলৰ পৰা সামৰিক বাহিনীৰ ওপৰত থকা বিশেষ ক্ষমতা আইনখন(AFSPA )বাতিলৰ দাবিৰে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে অতি শিঘ্ৰে APSPA খন বাতিলৰ দাবি জনাই।

আজিৰ কাৰ্য্য সূচীৰ অন্তত সংগঠনটোৱে এই বিশেষ আইন খন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাতিলৰ দাবি জনাই জিলা উপায়ুক্তৰ জৰিয়তে
ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*