মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত :
বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত । মুখ্যমন্ত্ৰী গৰাকীয়ে
দিনজোৰা কাৰ্যসূচীৰে কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে ঢোলপুৰ গৰুখুঁটিত। মুখ্যমন্ত্ৰী গৰাকীয়ে MGNREGS ২০২১-২২ বৰ্ষৰ অধীনত নিৰ্মিত ঢোলপুৰত খহনীয়া সুৰক্ষা প্ৰকল্প এটা কামৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঢোলপুৰত কৃষি ক্ষেত্ৰ আৰু গাহৰি পালন পৰিদৰ্শন কৰি কৃষক সকলৰ সৈতে বাৰ্তালাপ কৰে।
ইয়াৰ পিছতে গৰুখুঁটিত সুন্দৰ ভাৱে ফুলি থকা সৰিয়হৰ খেতি পৰিদৰ্শন কৰে।
আনহাতে বুধবাৰ দিনটো আন কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰীয়ে গৰুখুঁটিৰ গোশালা পৰিদৰ্শন কৰি বিভিন্ন কাৰ্যক লাপৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। গৰুখুঁটি দুগ্ধ উৎপাদন কেন্দ্ৰ হিচাপে গঢ় লোৱা আশা প্ৰকাশ কৰি কয় এই উদ্দেশ্যে আগত ৰাখি ইতিমধ্যে দুগ্ধ উৎপাদনকাৰী বাবে প্ৰজাতিৰ গৰু বহি:ৰাজ্য পৰা আমদানি কৰি অনা হৈছে উক্ত গৰু গোহালি পৰিদৰ্শন কৰি গৰুক খাদ্য খোৱাই মুখ্যমন্ত্ৰীয়ে।গৰুখুঁটিত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টো ও আধাৰশিলা স্থাপন কৰে ।
তাৰ লগতে গৰুখুঁটি প্ৰকল্পলৈ কৃষি সঁজুলি আৰু সামগ্ৰী কঢ়িওৱা বাহন বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ।
গৰুখুঁটিতে সেউজীয়া কৰা উদ্দেশ্য ১৩৪ ইকো টাস্ক ফ’ৰ্চৰ উদ্যোগত ৰোপণ কৰা বনানীকৰণ গছপুলি ৰোপণৰো কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে গৰুখুঁটিৰ নলঝাৰত বয়ন প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি অস্থায়ী বয়ন কেন্দ্ৰত মহিলা শিপিনী সকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে এপাৰ্ট (APART)ৰ অধীনত গৰুখুঁটি কলিতা পাৰাৰ পৰা গোশালালৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে । প্ৰায় ১ কোটি ৬৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই পথছোৱা আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
Leave a Reply