বুৰাবুৰী মাদ্ৰাছা আহমদিয়াৰ পৰিচালনা সমিতিৰ বিশেষ কাৰ্যকৰী সভা
, মায়ং,২৮নৱেম্বৰ:বুৰাবুৰী মাদ্ৰাছা আহমদিয়াৰ পৰিচালনা সমিতিৰ বিশেষ কাৰ্যকৰী সভা আয়োজন ।
যোৱা 22 অক্টোবৰ তাৰিখে বুৰাবুৰী দাৰুল হাদীস আহমদীয়া মাদ্রাছাত হোৱা অনাকাংশিত এটি ঘটনাৰ সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চল জুৰি এক চাঞ্চ্যলই বিৰাজ কৰি আছে।
সেই অনাকাংকিত ঘটনাৰ বাবে মাদ্ৰাছা পৰিচালনা সমিতিৰ ওপৰত ৰাইজে খুন্ন হৈ মাদ্ৰাছাত দান-বৰঙণি দিয়াৰ পৰা বিৰত থাকে।ফলত মাদ্ৰাছা পৰিচালনা কৰাত পৰিচালনা সমিতিয়ে বিশেষ অসুবিধাৰ সন্মূখীন হয়।
২৮নৱেম্বৰ দিনা তাৰে পৰিপেক্ষত ৰাইজৰ উপস্থিতিত এক বিশেষ জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰে পৰিচালনা সমিতিয়ে।
কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।সেই অনাকাংকিত ঘটনা সংঘটিত কৰা সমিতিৰ দুই জন সদস্য ক্রমে মো: আব্দুল জলিল আৰু মো: ছফিকুল ইছলামক কমিটিৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বহিষ্কাৰ কৰে।লগতে উক্ত পৰিয়ালৰ লোক কোনেওঁ এই মাদ্রাছা কমিটিৰ সদস্য হব নোৱাৰিব বুলি সৰ্বসন্মতি ক্ৰমে প্ৰস্তাব গ্ৰহণ কৰে আৰু উক্ত ঘটনা সংঘটিত কৰাৰ বাবে ৰাজহুৱা বাবে সেই পৰিয়ালক গৰিহণা দিয়ে। লগতে মাদ্রাছাৰ উন্নতি সম্পৰ্কে কেইবাটাও প্ৰস্তাব গ্ৰহণ কৰে। উক্ত বহিষ্কৃত সদস্যৰ পৰিয়ালক ৰাইজে মৌখিক ভাৱে বৰ্জনৰ সিদ্ধান্ত লয়। ৰাইজক আগৰ দৰেই দান-বৰঙণি দিয়াৰ বাবে মাদ্ৰাছা পৰিচালনা সমিতিয়ে আহ্বান জনাই।
Leave a Reply