ৰাজনীতি আটাইতকৈ ডাঙৰ খবৰটো :
দীৰ্ঘ সময়ৰ বাবে একেলগে দেখা গ’ল দুটা পৃথক ৰাজনৈতিক দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিক
এক মধুৰ মূহুৰ্তৰ সাক্ষী হৈ ৰ’ল নলবাৰীৰ প্ৰনিতা ৰেষ্টুৰেন্টত
একেলগে দেখা গ’ল বিজেপিৰ সভাপতি ভবেশ কলিতা আৰু সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন চিকদাৰক ।
দুয়োগৰাকী নেতাই একেলগে বঢ়ি চাহৰ সোৱাদ ল’লে প্ৰনিতা ৰেষ্টুৰেন্টত।
যিটো সময়ত একাংশ কংগ্ৰেছী বিধায়কে বিজেপি লৈ ধাবমান হ’ব ধৰিছে থিক তেনে সময়তে দুয়ো গৰাকী নেতাক দেখা পোৱা গ’ল এনেদৰে।
এই বিশেষ খবৰটোৱে এতিয়া চৰ্চা লাভ কৰিছে ৰাজনীতি মহলত। দুয়োগৰাকী নেতাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কলে এই দৰে ।
ফইজুল হক চৌধুৰী
Leave a Reply