বিহালী ৰতোৱা সাৰ্ব্বজনীন ৰাস মহোৎসৱ শুভ উদ্বোধন বিধায়ক ৰঞ্জিত দত্ত

ৰাজ্য আন আন ঠাই লগতে বিহালী সমষ্টিতো বিভিন্ন স্থানত আয়োজন কৰিছে ৰাস মহোৎসৱ ।


ইফালে বিহালী ৰতোৱা ৰাস উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা সাৰ্ব্বজনীন ৰাস মহোৎসৱ ভাগত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দেওবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই।

এই শুভ উদ্বোধনী সময়ত উপস্থিত থাকে বিহালী স্নাতক মহাবিদ্যালয় অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথ, বিহালী মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী ড০ টুনটুন বৰাকে ধৰি অঞ্চলতো বহু কেইজন বিশিষ্ট ব্যক্তি।

Be the first to comment

Leave a Reply

Your email address will not be published.


*