অসম আদৰ্শ বিদ্যালয় বৰপামত সাহিত্য সভাৰ প্ৰতিনিধিৰ পৰিদৰ্শন

অসম খবৰ ,বিশ্বনাথৰ ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২০ নবেম্বৰ

অসম সাহিত্য সভাৰ অধীনস্থ জাতীয় আদৰ্শ শিক্ষা সংসদৰ বিদ্যালয় সমন্বয়ৰক্ষী উসসমিতিৰ সম্পাদক বিপুল ডেকা আৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি সংকলন সমিতিৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে আজি অসম আদৰ্শ বিদ্যালয় বৰপাম পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়।

বিপুল ডেকাই বিদ্যালয়ৰ সঞ্চালক নৃপেন বৰদলৈ আৰু অধ্যক্ষ সঞ্জয় কলিতাৰ লগত বিদ্যালয়ৰ শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰে।

বিপুল ডেকাই প্ৰত্যেক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সকলৰ লগত ভাবৰ আদান প্ৰদান কৰে।

পৰীক্ষাগাৰৰ তত্ত্বাৱধায়ক হেমন্ত কেওঁটৰ লগত খেল-ধেমালিৰ মাজেৰে কেনেকৈ বিজ্ঞান আৰু গণিত শিক্ষা জনপ্ৰিয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে।

উল্লেখযোগ্য যে ডেকাই অসম আদৰ্শ বিদ্যালয় বৰপামত থকা উচ্চ মানদণ্ডৰ পৰীক্ষাগাৰক ভূয়সী প্ৰশংসা কৰে।

শনিবাৰৰ ৰামধেনুৰ সাজপাৰৰে ৰঙীয়াল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণিমা বসুমতাৰী, বৰ্ণালী কুৰ্মী, মণিদ্বীপা দাস শইকীয়া, পূৰ্ণিমা বৰমুদৈ, লিপিকা বৰাৰ নেতৃত্বত কছৰৎ, যোগাসন আদি পৰিৱেশন কৰে।

বিদ্যালয় সমন্বয়ৰক্ষী উসসমিতিৰ সম্পাদক বিপুল ডেকাই উপস্থিত অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰে।

ৰিপুঞ্জয় বৰদলৈয়ে সাহিত্য সভাৰ মহৎ উদ্দেশ্যক সফলতাৰ চৰম শিখৰত উপনীত কৰিবলৈ হ’লে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ শিশুৱে জাতীয় ভাষা অসমীয়া, ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু আন্তঃৰাষ্ট্ৰীয় ভাষা ইংৰাজী জনাৰ আৱশ্যকতা দাঙি ধৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*