31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ টাতু ৰাণেয়ে গুৱাহাটীত মুকলি কৰিলে বিশেষ আঁচনি ::

    শুকুৰবাৰে কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ (এম এছ এম ই) মন্ত্ৰী নাৰায়ণ টাতু ৰাণেয়ে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত সেৱা খণ্ডৰ বাবে বিশেষ ঋণ সংযোজিত মূলধন সাহাৰ্য আঁচনি মুকলি কৰে ।

    আঁচনিখনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাণেয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীসকলে ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ দৃষ্টিভংগী পূৰণত অৱদান আৰু সমৰ্থন অগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । তেওঁ সকলোকে উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় ।

    উদ্যোগী সকলে তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ বাবে অধিক পৰিশ্ৰম কৰা উচিত আৰু এম এছ এম ই মন্ত্ৰালয়ে তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ সদায়ে প্ৰস্তুত থাকে বুলি তেওঁ কয় ।

    মন্ত্ৰীগৰাকীয়ে আশ্বাস দি কয় যে, সফল উদ্যোগী হোৱাৰ যাত্ৰাত এম এছ এম ই মন্ত্ৰালয়ে কোনো ধৰণৰ বাধাৰ সৃষ্টি হ’বলৈ নিদিয়ে ।

    এম এছ এম ই মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত প্ৰদৰ্শনী কেন্দ্ৰৰ উদ্যোগী ষ্টলসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনে কাৰ্যকলাপে এম এছ এম ই উদ্যোগীসকলক তেওঁলোকৰ দক্ষতা আৰু সামগ্ৰী প্ৰদৰ্শন কৰাৰ আৰু বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ তথা আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ সুযোগ প্ৰদান কৰে ।

    অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ অনুসূচীত জাতি-জনজাতি উদ্যোগী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

    https://www.facebook.com/MeNarayanRane/videos/224040436504454/
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds