ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত বিহালী জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেল :
১৫ নবেম্বৰ : বিশ্বনাথ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন উদ্যোগত ১৬ নৱেম্বৰত জিলা ভিত্তিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ প্ৰেক্ষাগৃহত
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি আয়োজন কৰা হৈছে ।
দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অবিৰত, নিষ্ঠাপূৰ্ণ সংবাদ সেৱা আগবঢ়ায় অহা জিলা খনৰ বিহালী সমষ্টিৰ জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলক জিলা প্ৰশাসনে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলক সম্বৰ্ধনা জনোৱাৰ বাবে নিৰ্বাচিত কৰাত বিহালীৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনাইছে জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলক।
উল্লেখযোগ্য যে
অসমৰ সংবাদ জগতত লুইটেলে নিষ্ঠাৰে সুদীৰ্ঘ ২৯ টা বছৰতকৈও অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়ায় অআহিছে ।
সাংবাদিক গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক শ্ৰীমন্ত দাস, সাংবাদিক খগেন মটক, জ্যেষ্ঠ সাংবাদিক নৰেন বৰা, লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Leave a Reply