প্ৰকৃত নায়ক পদ্মশ্ৰী হৰেকালা হাজাব্বাৰ বিষয়ে আপোনালোকক জনোৱাৰ বিনম্ৰ প্ৰয়াস কৰিছিলোঁ৷
কেনেকৈ এজন লোকে আজীৱন কমলা বিক্ৰী কৰি নিজৰ গাঁৱত বিদ্যালয় গঢ় দি সকলোৰে বাবে শক্তিশালী দৃষ্টান্ত দাঙি ধৰিছিল!
আজি পুনৰ তেনে এক বিনম্ৰ প্ৰয়াস কৰিছোঁ৷
এইসকল প্ৰকৃতাৰ্থত মহান ব্যক্তিৰ বিষয়ে যিমান প্ৰচাৰ হ’ব লাগে,সেয়া বাস্তৱক্ষেত্ৰত হোৱা পৰিলক্ষিত নহয়৷যিবোৰ কৰ্মৰ বিষয়ে ব্যাপক প্ৰচাৰ হ’ব লাগে,তাত কোনোবা নহয় কোনোবাখিনিত আমি থমকি ৰওঁ৷সেয়ে এনেদৰেই এইসকল মহান লোকৰ কথা ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বিনম্ৰ প্ৰয়াস কৰোঁ৷
এওঁ হ’ল কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ আংকোলাৰ হন্নালি গাঁৱৰ তুলসী গৌড়া(Tulsi Gowda)৷পৃথিৱীখন যিসময়ত তথাকথিত ক্ষমতাসৰ্বস্ব,গ্লেমাৰসৰ্বস্ব যেন অনুভৱ হয়,সেই সময়তেই এনে কিছু নীৰৱ সাধকে সমাজখন আৰু বহল পৰিসৰত পৃথিৱীখন ধুনীয়া কৰে,মনবোৰ পোহৰাই তোলে৷এওঁ এইবাৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছে৷তথাকথিত গ্লেমাৰসৰ্বস্ব যেন লগা এই পৃথিৱীত নিজৰ জনজাতীয় পোছাক আৰু খালী ভৰিৰে গুৰু-গম্ভীৰভাৱে প্ৰধানমন্ত্ৰীক অভিবাদন জনাই ৰাষ্ট্ৰপতিৰপৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তই স্বতঃস্ফূৰ্তভাৱে বহু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে৷বহু কথা কৈ গ’ল৷উত্তৰ কানাড়া জিলাৰ হন্নলি গাঁৱৰ তুলসী গৌড়া হৈছে এগৰাকী পৰিৱেশবিদ আৰু বহল অৰ্থত প্ৰকৃতিবিদ৷প্ৰকৃতিক ভাল পোৱা,প্ৰকৃতিৰ উশাহ উপলব্ধি কৰা এইগৰাকী মহিলাই ৩০,০০০তকৈও অধিক গছপুলি ৰোপণ কৰিছে(গোটেই জীৱনত ১০০০০০তকৈও অধিক গছপুলি ৰোপণ কৰিছে বুলি কোনো কোনো তথ্যত প্ৰকাশ)৷
৭৫ বছৰীয়া তুলসীয়ে যোৱা ছয় দশক ধৰি প্ৰকৃতি ৰক্ষাৰ কামত নিজকে নিয়োজিত কৰিছে আৰু প্ৰকৃতিৰ প্ৰতি নিজৰ দায়িত্বক জীৱনৰ উদ্দেশ্য হিচাপে পালন কৰি আহিছে৷আনুষ্ঠানিক শিক্ষা নথকা তুলসী গৌড়া প্ৰকৃতাৰ্থত শিক্ষিত নহয়নে।
প্ৰকৃতিৰক্ষাই যাৰ জীৱনৰ উদ্দেশ্য,তেওঁ অশিক্ষিত হ’বই নোৱাৰে৷চৰকাৰী নাৰ্ছাৰীৰ প্ৰতিপালনৰ দায়িত্বও বহু বছৰ ধৰি তুলসী গৌড়াই সুচাৰুৰূপে পালন কৰি আহিছে৷
প্ৰকৃতিৰ ওপৰত,প্ৰকৃতিৰ সন্তানৰ ওপৰত,বিভিন্ন গছ-গছনিৰ ওপৰত তেওঁৰ আছে অপৰিসীম জ্ঞান,অগাধ পাণ্ডিত্য৷সেয়ে বিশিষ্ট পৰিৱেশবিদসকলে তুলসীক “বনৰ বিশ্বকোষ(Encyclopedia of Forests)” বুলি অভিহিত কৰে৷তেওঁ হলক্কি জনজাতিৰ অন্তৰ্গত৷তেওঁৰ জনজাতীয় লোকে তুলসীক “গছ-গছনিৰ দেৱী(Tree Goddess)” বুলি অভিহিত কৰে৷প্ৰকৃতিৰক্ষাৰ মাধ্যমেৰে মানৱ সমাজ ৰক্ষা কৰাৰ সপোন দেখা তুলসী গৌড়াৰ অৱদান কেৱল এই দিশতেই সীমাবদ্ধ নহয়৷নাৰীৰ হৈ,নাৰীৰ বলিষ্ঠ কণ্ঠ হৈ সদা জাগ্ৰতভাৱে থিয় দি আহিছে৷বিশেষকৈ নিজৰ হলক্কি জনজাতিৰ মহিলাৰ হৈ তেওঁ চিৰকাল থিয় দি আহিছে৷
এইগৰাকী লৌহমানৱী তুলসী গৌড়াক ইমান কম শব্দৰ ভিতৰত সামৰা সহজ নহয়৷তথাপি আপোনালোকৰ ওচৰলৈ তেওঁক লৈ যোৱাৰ বিনম্ৰ প্ৰয়াস কৰিলোঁ৷
অৱশ্যে এইসকল লোকৰ বিষয়ে যিমান প্ৰচাৰ হ’ব লাগে,সিমান নহয়৷ঋণাত্মক কথাবোৰৰ প্ৰচাৰ হ্ৰাস কৰি এইবোৰ খবৰতো মনোনিবেশ কৰাটো বাঞ্ছনীয়৷এই ধৰণৰ ধনাত্মক খবৰে পৃথিৱী পোহৰাই তোলে৷সেয়ে কওঁ যিমানেই এইবোৰ খবৰৰ ব্যাপ্তি,সিমানেই সমাজখনৰ প্ৰাপ্তি৷
এইবোৰ কথা শ্বেয়াৰ কৰক৷এইবোৰ কথাৰ যিমানেই শ্বেয়াৰ হ’ব সিমানেই সমাজখন পোহৰ হ’ব৷মনত ৰাখিব লাগিব যে হাজাৰটা ঋণাত্মক খবৰক উফৰাবলৈ এটা ধনাত্মক খবৰেই যথেষ্ট৷
ঋণাত্মক খবৰৰ আয়ুস কম,ধনাত্মক খবৰবোৰ অজৰ-অমৰ৷ তুলসী গৌড়াক নতশিৰে কৰযোৰে সেৱা জনালোঁ।
লেখক – প্ৰতিজ্ঞ মোহন বৰা
Leave a Reply