মায়ং,৬নৱেম্বৰ :
২০২১ চনৰ অসম জ্ঞান ৰত্ন বঁটা প্ৰাপ্ত মায়ঙৰ মোজাম্মেল হুছেইনক ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ সম্বৰ্ধনা।
হোজাইস্থিত মাৰ্কাজুল মা’ আৰিফৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্য পূৰ্ণ সম্বৰ্ধনা ও হাফিজ সকলৰ মডাৰ্ন শিক্ষাৰ শুভাৰম্ভনী অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত ২০২১ চনৰ অসম জ্ঞান ৰত্ন বঁটা প্ৰাপ্ত মায়ঙৰ আদৰ্শ মাৰ্কাজ একাডেমি ,বালিমুখৰ অধ্যক্ষ ও উদীয়মান যুৱ সমাজ সেৱক মোজাম্মেল হুছেইনক এখনী ফুলাম গমোচা, জাপি,শৰাই আৰু বটাঁৰে সম্বৰ্ধনা জনোৱাৰ লগতে সমাজ সেৱক ছাইফুল ইছলামকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সাংসদ বদৰুদ্দিন আজমলে।উক্ত গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত সাংসদ তথা আজমল ছি ,এছ ,আৰৰ মুখ্য কাৰ্যবাহী বিষয়া মৌলানা বদৰুদ্দিন আজমল , মাৰ্কাজুল মা’আৰিফৰ কাৰ্য্যকৰী সভাপতি ড° ছামচুল হক চৌধুৰী , সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ , শিক্ষা বিভাগৰ মুৰব্বী ড° ৰাজী আহমেদ ,আজমল ফাউণ্ডেচনৰ সাধাৰণ সম্পাদক ড° খচৰুল ইছলাম ৰ লগতে বহু কবি বিশিষ্ট লেখক ও সমাজ সেৱক সকলকে আদি কৰি বহু গন্য মান্য ব্যক্তি সকলৰ উপস্থিত থাকে ৷ উল্লেখ্য যে , সমাজলৈ বিভিন্ন দিশত সেৱা আগবঢ়োৱা মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰৰ অন্তৰ্গত মাৰ্কাজুল মা’আৰিফ (এন.জি.অ ) হোজাইৰ তত্ত্বাৱধানত চলা আদৰ্শ মাৰ্কাজ একাডেমি, বালিমুখৰ অধ্যক্ষ তথা উদীয়মান যুৱ সমাজ সেৱক মোজাম্মেল হুছেইনে যোৱা ৩ অক্টোবৰ তাৰিখে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত ২০২১ বৰ্ষৰ অসম জ্ঞান ৰত্ন বঁটা লাভ কৰি মায়ং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷
Leave a Reply