সোমবাৰে বিহালী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলত অনুষ্ঠিত হোৱা দুয়োখন কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্তই।
বাঘমৰা মণ্ডল সমিতিৰ সভাপতি দধিৰাম শৰ্মা আৰু বিহালী মণ্ডল সমিতিৰ সভাপতি লাচিত বৰা সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰা হয়৷ কাৰ্যকৰ্তা সকলক দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত একোখন মণ্ডল সমিতি,মৰ্চা তথা কোষসমূহৰ ভূমিকা আৰু সেৱাৰ কথা ভাষণ প্ৰসংগত অৱগত কৰি প্ৰতিজনকে সেৱাই সংগঠন মূলমন্ত্ৰক সাৰোগত কৰি নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই বিধায়ক ৰঞ্জিত দত্তই । বুথেই আমাৰ ভেটি, গতিকে আমি সকলোৱে মিলি শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব এই বুথ সমূহক পৰামৰ্শ দিয়ে বিধায়ক গৰাকীয়ে। লগতে, সংগঠনৰ প্ৰতি দায়িত্ববোধ আৰু একাগ্ৰতাৰে সকলো কাৰ্য্যকৰ্তায়ে দলক অধিক শক্তিশালী কৰিবলৈ দলীয় কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই ।তাৰ ওপৰিও চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি সমূহ যাতে প্ৰতিজন যোগ্য ব্যক্তিয়ে লাভ কৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবলৈ বিশেষ আহ্বান জনাই পঞ্চায়ত প্ৰতিনিধি সকলক বিধায়ক ৰঞ্জিত দত্তই।
Leave a Reply