বিশ্বনাথত গ্ৰেপ্তাৰ হ’ল আফগানিস্থানৰ নাগৰিক :
বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ আফগানিস্থানৰ নাগৰিক৷
বৈধ নথি পত্ৰ হাতত নথকাৰ বাবেই বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আফগানিস্থান নাগৰিক
জেৰিন মহম্মদ লালাক (২১) ।
বিশ্বনাথ পৰা লক্ষীমপুৰ অভিমুখে যাত্ৰা বাহী বাছত যাবলৈ চেষ্টা কৰা সময়তে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে আটক কৰে লোক জনক।
যুৱকজনে মোবাইল জৰিয়তে আৰক্ষীক
পাছপৰ্ট আৰু ভিছা দেখুৱাইছিল যদিও প্ৰকৃত নথি পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক জনক ।
ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি কোৱা লোক জনে।
উল্লেখযোগ্য যে যোৱা ৪ ডিচেম্বৰ ২০১৮ চনতে ভাৰতত প্ৰৱেশ কৰিছিল৷
কিন্তু দীৰ্ঘদিন ধৰি বৈধ্য নথি পত্ৰ বা ভিছা নোহোৱাকৈ আৰক্ষীৰ চকুত ধূলি দি কি দৰে অসমত ঘুৰিফুৰিবলৈ সক্ষম হৈছিল সেইয়াহে ডাঙৰ প্ৰশ্ন৷
আনহাতে
বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি এক আফগানিস্থানী যুৱকক
আদালতত হাজিৰ কৰি জে’লহাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
Leave a Reply