৭১খন সুলভ মুল্যৰ দোকানত বিনামূলীয়া মোনা আৰু চাউল বিতৰন :
প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা বিনামূলীয়া ৰেচন-মোনা সুলভ মুল্যৰ গ্ৰাহকে গ্ৰহণ কৰি উৎফুল্লিত
নলবাৰী ১৫ অক্টোবৰ :
সমগ্র ৰাজ্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ অধীনস্থ ৩৭ খন আৰু বড়িগোগ বনভাগ ধূৰকুছি বহুমুখী সমাবায়ৰ অধীনস্থ সুলভ মুল্যৰ দোকানত আজি একেদিনাই প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ জৰিয়তে সুলভ মুল্যৰ দোকানত বিনামূলীয়া একোখন মোনা আৰু ৫ কেজিকৈ চাউল প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।
বনভাগ বহুমুখী সমবায় সমিতিৰ সচিব ধীৰেশ্বৰ তালুকদাৰে আৰু ধুৰকুছি বহুমুখী সমবায়ৰ সচিব বসন্ত বেজবৰুৱাই জানিব দিয়ে।এই কাৰ্য্যসূচী অনুসৰি আজি বহুমুখীখনৰ অন্তৰ্গত বাঘমাৰা নগেন কলিতা আৰু কটকীয়াৰ নৰপতী তালুকদাৰৰ দোকানৰ সমান্তৰালভাৱে ধূৰকুছি বহুমুখী সমবায়ৰ অধীনস্থ বড়িগাঁৱৰ সুলভ মুল্যৰ দোকান খাইৰুল হুছেইনেও এই আঁচনিৰ জৰিয়তে সুলভ মুল্যৰ গ্ৰাহকসকলৰ মাজত মোনা আৰু চাউল বিতৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আজিৰ এই কাৰ্য্যসূচীত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ কাৰ্যকৰ্তাসকলে সহায়োগ কৰা দেখা যায়।
Leave a Reply