🚘 গুৱাহাটীঃ আৰক্ষীয়ে বুধবাৰে দ্বিতীয়বাৰৰ বাবে জামিনত থকা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। যোৱা শনিবাৰে ৰাজকন্যাৰ গাড়ীয়ে পথত কৰ্মৰত ৮ জন লোকক খুন্দা মৰাৰ পিছত ৰাজকন্যাই জামিন লাভ কৰিছিল। এখন ব্যক্তিগত চিকিৎসালয়ত ৬ জনীয়া চিকিৎসকৰ চৰকাৰী পেনেলে কৰা চিকিৎসাৰ অনুসন্ধান অনুসৰি জানিব পাৰিছিল যে ” ৰাজকন্যা কোনো গুৰুতৰ বা ৰোগত আক্ৰান্ত নহয়, ইচ্ছা অনুসৰি তেওঁ আই চি ইউত ভৰ্তি হয় আছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন নাই”।
আৰক্ষীয়ে ২৯ বছৰীয়া মডেলগৰাকীৰ বিৰুদ্ধে অন্য এটা নতুন গোচৰ ৰুজু কৰিছে। গোচৰ মতে যি ৰাজকন্যাই নিচাসক্ত অৱস্থাত গাড়ী চলাইছিল আৰু পথৰ কাষত উপ-ৰাষ্ট্ৰপতি এম. ভেংকইয়া নাইডু অসম ভ্ৰমণসূচী বাবে শ্ৰমিককেইজনে পথ মেৰামতি কামত মাজনিশা ব্যস্ত আছিল। সেই সময়তে সুৰাৰ ৰাগীত মাতাল ৰাজকন্যাই ৮ জনকৈ শ্ৰমিকক গাড়ীৰে মহতিয়াই নিয়ে। ৰাজকন্যাই ইয়াৰ লগতে ৮ জন শ্ৰমিকক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে। শ্রমিককেইজনৰ এজন অতি গুৰুতৰভাৱে আহত হৈছিল।
পূৰ্বৰ গোচৰটোত “অপৰাধমূলক হত্যাৰ চেষ্টা” আৰু “স্বেচ্ছাই বিপদজনক অস্ত্ৰ দ্বাৰা গুৰুতৰ আঘাত কৰা”ৰ দুটা নতুন অভিযোগ যোগ কৰা হৈছিল আৰু যিকেইটা গোচৰত ৰাজকন্যাই জামিন লাভ কৰিছিল।
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে সংবাদ মাধ্যমক জনোৱা মতে, আহত শ্ৰমিকৰ এজনৰ এজাহাৰৰ পিছত বুধবাৰে তেওঁক এটা নতুন গোচৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কয়, “শনিবাৰে পঞ্জীভুক্ত আগৰ গোচৰটোত আমি আৰু দুটা নতুন গোচৰ যোগ কৰিছো।”
Leave a Reply Cancel reply