২৯ চেপ্তেম্বৰত বিহালী গহপুৰলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা. ক’ত কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাওঁ আহক
■■মুঠ ৮ টা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
■■ পুৱা ১০:৩০ বজাত বিহালী কালী মন্দিৰ দৰ্শন ।
■ ■ পুৱা ১০:৫৫ বিহালী গাংমৌথান পৰিদৰ্শন ।
■■ ১১:৫৫ বটিয়ামাৰী খহনীয়া পৰিদৰ্শন আৰু বটিয়ামাৰী ভানু ৰংঘ মঞ্চত বিজেপি কৰ্মী দ্বাৰা আয়োজন কৰা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব ।
ইয়াৰ পাছতে
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিহালী পৰা গহপুৰ সমষ্টিত উপস্থিত হ’ব
দিনৰ প্ৰায় ১২-৩০ বজাত।
গহপুৰৰ পাঁচটা স্থানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ।
কাৰ্য্যক্ৰমিকা এনেধৰনৰ….
■■ ছিগনেচাৰ আঁচনিৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও ষ্টেডিয়ামৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
■■ ছিগনেচাৰ আঁচনিৰ জৰিয়তে ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা ঘাঁহিগাঁও চাৰিআলিৰ পৰা দক্ষিণলৈ সোমাই যোৱা ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি গড়কাপ্তানি পথৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
■■ ইয়াৰ পিছত ঘাঁহিগাঁৱস্থিত হেলেম সাহাৰ্য্যপ্ৰাপ্ত চিকিৎসালয়খন পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
■■ যাত্ৰাপথত তেওঁ বৰঙাবাৰীস্থিত ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰিব।
■■ অন্তিমটো কাৰ্য্যসূচী অনুসৰি ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যানী দেৱালয়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়োৱাৰ লগতে নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ ল’ব।ইয়াৰ পিছতে তেওঁ ডিপৰাৰ অস্থায়ী হেলিপেডৰ পৰা ধেমাজিলৈ উৰা মাৰিব।
■■ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ বিহালী
গহপুৰলৈ আহিবলগীয়া ড: হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে বিহালী সমষ্টিৰ আৰু গহপুৰ বাসী।সকলো কাৰ্য্যসূচীতে বিহালী গহপুৰ বাসী ৰাইজৰ আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পংকজ বৰা ,সাধাৰণ সম্পাদক নোমল বৰুৱা আৰু বিহালী মণ্ডলৰ সভাপতি লাচিত ৰবা আৰু হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই।
Leave a Reply