প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা ।

 

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা ।

অসম খবৰ প্ৰতিনিধি নলবাৰী ১৯ ছেপ্টেম্বৰ ::

টিহু মহকুমাৰ অন্তৰ্গত মাখিবাহা গাওঁৰ এইগৰাকী শিল্পী নাৰায়ণ ডেকা। তেখেতে ১৯৮৫ চনতে অসম পাপেট থিয়েটাৰ নামেৰে পুতুলা নাচক ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ উদ্দেশ্যে জন্ম দিছিল অসম পাপেট থিয়েটাৰক । তেতিয়াৰে পৰা এতিয়ালৈ নিৰবিচ্চিন্ন ভাৱে তেওঁ এই কলা সংস্কৃতিক জীয়াই ৰখাৰ সাধনা চলাই আহিছে। নাৰায়ন ডেকাই ২০১৬ চনত অসম চৰকাৰ তৰফৰ পাৰ শিল্পী পেঞ্চন লাভ কৰিবলৈও সক্ষম হৈছে । তাৰ উপৰিও অসমৰ আপুৰুগীয়া বিলুপ্তপ্ৰায় লোকশিল্প ‘পুতলা নাচ’ৰ ওপৰত নিৰ্মাণ কৰা পৰিচালক ৰাজেন দাসৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ছবি ‘লাইফ ইন এ পাপেট’ত মূখ্য চৰিত্ৰতও অভিনয় কৰিছিল এইগৰাকী নাৰায়ণ ডেকাই । ক’ভিড সৃষ্ট পৰিবেশে কিছু পৰিমানে তেওঁক আৰ্থিক ভাৱে জৰুলা কৰিছে যদিও ভাগৰি নপৰা নাৰায়ণ ডেকাই পুনৰ ৰাইজৰমাজলৈ যাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*