■ ৰঙাপৰা, বালিপৰা আৰু চাৰিদুৱাৰ মৌজাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ অনাৰ্চ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে কালি বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি অঞ্চলতটোত থকা বিভিন্ন দল সংগঠনে ৰঙাপৰা মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ ৰঞ্জন কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো গুৰুত্বসহকাৰে লবলৈ দাবী জনায়।
বৃহত্তৰ অঞ্চলটোৰ ইচ্ছুক বহু ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত অনাৰ্চলৈ পঢ়িবলৈ বহু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। সেই উদ্দেশ্য এই স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিনাশ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মহাবিদ্যালয়ৰ অধক্ষ্যই আশ্বাস দি কয় যে, অনতিপলমে এই বিষয়টো গুৰুত্ব আৰোপ কৰি, ছাত্ৰ ছাত্ৰীৰ দীৰ্ঘদিনিয়া সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বুলিও তেওঁ উল্লেখ কৰে। স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিনাশ বৰা, সভাপতি বাপন দাস বড়ো আৰু বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গুলজাৰ আলি।
Leave a Reply