
বিশ্বনাথ জিলা নৱনিযুক্ত বিজেপি সভাপতি পঙ্কজ বৰালৈ শুভেচ্ছা ৰঞ্জিত দত্ত :
ডিজিটেল ডেস্ক অসম খবৰ ১৩ ছেপ্টেম্বৰ::
সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে ৰাজ্যৰ কেইবাখন জিলা সমিতিৰ নতুন সভাপতি নিযুক্তি প্ৰদান কৰে।
তাৰে অন্যতম এখন বিজেপি দলৰ শক্তিশালী জিলা সমিতি বিশ্বনাথ জিলা।
আনহাতে সোমবাৰে দলটোৰ জিলা সমিতি খনৰ নতুন সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে ৰাজ্যিক বিজেপিয়ে বিশ্বনাথ চাৰিআলি জনপ্ৰিয় ব্যক্তি তথা বিজেপি সক্ৰিয় নেতা পংকজ বৰাক।
পংকজ বৰাক নিযুক্তি দিয়াত দলটোৰ প্ৰতিজন সদস্য আনন্দিত অনুভৱ প্ৰকাশ পাইছে সামাজিক মাধ্যমত।
আনহাতে নতুনকৈ নিযুক্তি লাভ কৰা সভাপতি বৰাক শুভেচ্ছা জনাইছে তেজপুৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ জিলা সমিতি
প্ৰাক্তন সভাপতি দিগন্ত ঘাটোৱা,প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধায়ক উৎপল বৰা, বিহালী মণ্ডল কমিটি সভাপতি লাচিত বৰা, বাঘমৰা মণ্ডল কমিটি সভাপতি দধিৰাম শৰ্মা, মহিলা মৰ্চাৰ লগতে নিজ বিহালী জিলা পৰিষদ সদস্যা দিপিকা ঢাকাল শৰ্মা, বটিয়ামাৰী গাওঁ সভানেত্ৰী ফুলমণি দাস, ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতি সা: সম্পাদক অশীম কুমাৰ দাসে ধৰি বিভিন্ন জনে শুভেচ্ছা জনাই নৱ নিযুক্ত সভাপতি পংকজ বৰাক।
Leave a Reply Cancel reply