ইজিপ্টত খেলাৰ সুযোগ হেৰুৱালে বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ জীয়ৰী মিনাক্ষীয়ে

বিশ্বনাথ চাৰিআলিৰ সাধাৰু পাৰত আনৰ ঘৰত কাম কৰি পেট মোকোলাইছে একালৰ পাঞ্জা খেলুৱৈ মৃণাক্ষী আৰু তেওঁৰ স্বামীয়ে
এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। নাম মিনাক্ষী বৰুৱা।বিশ্বনাথ জিলাৰ বৰঙা বাৰীৰ জীৱৰী খেলুৱৈ গৰাকী। স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ পৰিয়ালৰ এই গৰাকী খেলুৱৈ।এটা সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল খেলুৱৈ গৰাকীয়ে । পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈ গৰাকীৰ বাবে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈ গৰাকী।অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন উচ্চ স্তৰৰ প্ৰতিযোগিতাত কেইবাটাও খিতাপ আজুৰি আনিছিল তেওঁ।বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলটো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে। ১৯৯৮ চনত কেৰেলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহণ কৰিছিল এই গৰাকী খেলুৱৈয়ে।এই প্ৰতিযোগিতাত ৪৫ কি: গ্ৰা: শাখাত তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অর্জন কৰে। যাৰ বাবে সুযোগ আহিল ইজিপ্ট যাত্ৰাৰ। এখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণৰ সুযোগ লাভ অহাটো নিঃসন্দেহে গৰ্বৰ বিষয় এগৰাকী পাঞ্জা খেলুৱৈৰ বাবে।কিন্তু ঘৰৰ অৱস্থা অতি দুখীয়া হোৱাৰ বাবেই হাততে পায়ো হেৰুৱালে এই সুযোগ।তদানীন্তন অসম বিধান সভাৰ অধ্যক্ষ গণেশ কুটুমক লগ ধৰিছিল যদিও ফল নিদিলে। যাৰ বাবে যেন কলিতেই মৰহি যাব ধৰিলে এই পাহ ফুল।

২০০২চনৰ কোনোবা এটা দিনত বিবাহ পাশত আবদ্ধ হল বিশ্বনাথ চাৰিআলিৰ সাধৰু পাৰ গাঁৱৰ উৎপল বৰাৰ লগত। মিনাক্ষী বৰুৱা গৈ হল গৈ মিনাক্ষী বৰা। কিন্তু তাৰ পিছতো দৰিদ্ৰতাই লগ এৰা নাই তেওঁক।জীয়াই থকাৰ বাবে কৰিব লগীয়া কঠোৰ সংগ্ৰাম।নিজৰ ঘৰৰ খেতি খলাৰ উপৰি কেতিয়াবা আনৰ ঘৰতো কাম কৰিব লগা হৈছে এই গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে।একেদৰে স্বামীয়েও বেপাৰ বাণিজ্য ৰ উপৰি বেলেগৰ কাম কৰিব লগীয়া হৈছে। এনেদৰেই নিজৰ দুটা পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে। শেহতীয়াকৈ বিজেপি চৰকাৰ খনে খেলুৱৈৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। খেলুৱৈ সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। তাক লৈ আশাবাদী তেওঁলোক।এইবাৰ কিবা এটা হব। স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো কিবা এটা সহযোগ কৰাৰ বাবে অনুৰোধ জনাইছে।-কিন্তু এই দুৰ্ভগীয়া খেলুৱৈ গৰাকীয়ে আজি পৰ্যন্ত নাপালে চৰকাৰী সহযোগিতা। খেলুৱৈ গৰাকীৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ ছাৰ, — “মোক কিবা এটা সহযোগ কৰক। মোৰ পৰিয়ালটোক জীয়াই থকাৰ এটা বাট দেখুৱাওক। অন্তত: সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে।”- ক্ৰীড়াৰ প্ৰতি সততাই শ্ৰদ্ধাশীল অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰী বুলি চৰ্চিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় গলাবনে এই গৰাকী দুৰ্ভগীয়া খেলুৱৈৰ জীৱনৰ কৰুণ গাঁথাই?