শিৱসাগৰ জিলাৰ নঙলামৰা আৰু নেমুগুৰি গাওঁ পঞ্চায়তত জৱকাৰ্ড মেলা সম্পন্ন

♦শেহতীয়াকৈ ৰাজ্য চৰকাৰে গাওঁ পঞ্চায়তত প্ৰয়োগ কৰা জৱকাৰ্ড আঁচনিৰ সম্পৰ্কত জনসচেতনতা বঢ়োৱাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ নঙলামৰা আৰু বকতাৰ নেমুগুৰি গাওঁ পঞ্চায়তত এক জৱকাৰ্ড মেলা সম্পন্ন হয়।

নঙলামৰা পঞ্চায়তৰ সভানেত্ৰী দীপামণি চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত জবকাৰ্ড মেলাত পঞ্চায়তৰ গ্ৰাম স্বৰোজগাৰ সেৱক কিৰণ কিশোৰ গগৈ, অভিযন্তা প্ৰণৱজ্যোতি বড়া, গাঁও পঞ্চায়ত সমন্বয়ক শংকৰজ্যোতি আৰন্ধৰা,কৰ সংগ্ৰাহক সৌৰভ বৰুৱা, সচিব বন্দনা বৰুৱাৰ লগতে ৱাৰ্ড সদস্য, গাওঁবুঢ়া সকল আৰু সাংবাদিক সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকি বহু হিতাধিকাৰীক জৱকাৰ্ড বিতৰণ কৰে।

নতুন মজুৰি দিনে ২২৪ টকাকৈ ধায্য কৰিছে৷ এনেদৰে নঙলামৰা গাঁও পঞ্চায়তত জৱকাৰ্ড মেলা সম্পন্ন কৰে৷ আনহাতে বকতান নেমুগুৰি পঞ্চায়তত এই জব কাৰ্ড মেলাত পঞ্চায়তৰ সভাপতি ,সচিব লগতে পঞ্চায়তৰ স্বৰোজগাৰ, সেৱক আৰু পঞ্চায়ত কৰ্মীসকল উপস্থিত থাকে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*