♠ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক দেহাৱসান তিথি উপলক্ষে পৰম্পৰাগতভাৱে দেশভক্তি দিৱস পালন কৰা হয়। উল্লেখ্য, ৰাজ্য চৰকাৰে আজি পোন প্ৰথমবাৰৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱসটি দেশভক্তি দিৱস হিচাপে পালনৰ দিহা কৰিছে। নলবাৰী জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত এই উপলক্ষে আয়োজিত অনুষ্ঠানত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই।
Leave a Reply Cancel reply