♦কৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ ফলত স্থবিৰ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাপন৷ চৰকাৰে জনতাৰ জীৱন ৰক্ষাৰ স্বাৰ্থত আংশিক লক ডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হৈছে৷ বন্ধ হৈ পৰিছে বজাৰ-সমাৰ৷ স্তব্ধ হৈ পৰিছে যাতায়াত৷ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান সমূহো৷ শ্ৰেণীৰ পাঠদানৰ পৰিৱৰ্তে আৰম্ভ কৰা হৈছে অনলাইন পাঠদান৷
পিছে, এই অনলাইন পাঠ গ্ৰহণ কৰিবলৈ গৈয়ে সমস্যাত পৰিছে বহু ছাত্ৰ-ছাত্ৰী৷ কাৰণ বহু পৰিয়ালৰ অভিভাৱকৰ নিজ সন্তানক এটা এণ্ড্ৰইড ম’বাইল হেণ্ডচেট কিনি দিবলৈ সামৰ্থ্য নাই৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলতো এনে বহু ছাত্ৰছাত্ৰী আছে যিয়ে মাত্ৰ এটা ম’বাইলৰ অভাৱত অনলাইন ক্লাছ কৰিবলৈ সক্ষম হোৱা নাই৷
এনে কিছু দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰছাত্ৰীৰ মাজতে আজি কৃষ্ণাই প্ৰেছ ক্লাৱে একোটিকৈ এণ্ড্ৰইড ম’বাইল বিতৰণ কৰে৷ কৃষ্ণাই অঞ্চলৰ বিভিন্ন জন শুভাকাংক্ষীৰ সহযোগত আজি কৃষ্ণাই প্ৰেছ ক্লাৱে অঞ্চলটোৰ মুঠ পোন্ধৰ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আজি বিতৰণ কৰে একোটিকৈ ম’বাইল হেণ্ডচেট৷ সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ সমুখত বা ঘৰে ঘৰে গৈ সাংবাদিক সকলে ম’বাইল সমূহ বিতৰণ কৰে৷
কৃষ্ণাই প্ৰেছ ক্লাৱৰ এই সুন্দৰ প্ৰচেষ্টাত সহযোগ অঞ্চলটোৰ বহু কেইজন শুভাকাংক্ষীয়ে৷ কৃষ্ণাই প্ৰেছ ক্লাৱৰ এই উদ্যোগকসচেতন মহলে আদৰণি জনাইছে৷
Leave a Reply