♦ মানুহ এজনৰ ইচ্ছা শক্তিয়ে মানুহৰ কল্যানৰ অৰ্থে নিজকে নিয়োজিত কৰাই নিজৰ আত্মসন্তোষ্টি লাভ কৰা বহু নিৰ্দশন সমাজত প্রায় দেখিবলৈ পোৱা যায়, অতিমাৰিৰ এই সময়ত ৰঙাপৰাৰ এগৰাকী যুৱ ব্যৱসায়ীৰ ব্যতিক্ৰমী প্ৰয়াসে সকলোৰে দৃষ্টি আকৰ্ষন কৰিছে। সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্ঠাত তেজপুৰৰ পৰা আহি ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিছা, ভাৰতীয় ষ্টেট বেংক ৰঙাপৰা শাখা, পেট্রল পাম্প, ৰঙাপৰা থানা চৌহদ, আগৰৱাল সমিতি, কভিড চেন্টাৰ, জিলা উপায়ুক্ত কাৰ্য্যালয়, ১০৮ এম্বুলেন্স বাহনৰ লগতে অঞ্চলটোৰ বহু ব্যাক্তিগত বাসগৃহত এই ন-প্রযুক্তিৰ ফোগ মেচিনৰে চেনিটাইজা কৰাৰ ব্যৱস্থা কৰে৷
উল্লেখ্য যে বৰ্তমান তেজপুৰত নিগাজীয়াকৈ বসবাস কৰা যুৱ ব্যৱসায়ী হৰিশ পাৰিক জন্ম সূত্ৰে ৰঙাপৰাৰ বাসিন্দা৷ যুৱ ব্যৱসায়ী গৰাকীৰ সমাজৰ কল্যানৰ হকে কৰা এনে ধৰণৰ কাৰ্যকলাপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি তেখেতে উল্লেখ কৰে যে, তেওঁৰ চেনিটাৰাইজৰ এই কাৰ্য্যসুচী কাইলৈ ঢেকিয়াজুলিৰ বিভিন্ন স্থানত কৰাৰ লগতে আগন্তক সময়ত এই ন-প্রযুক্তিৰ আৰু অন্যন্য মেচিন বহি ৰাজ্যৰ পৰা আমদানি কৰাই এই জটিল সন্ধিক্ষনৰ ক’ৰোনা মহামাৰীক যি কোনো প্রকাৰে পৰাস্ত কৰিব লাগিব বুলি কয়৷
Leave a Reply