ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ মাজত মাথো ৪ টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা, ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নির্বাচনী প্ৰচাৰত ভাগ লৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ আৰু কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কালি কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ চলায়। কালিৰ নিৰ্বাচনী প্ৰচাৰ সভাতে নীতিন নবীনে অসমত তৃতীয়বাৰৰ বাবে বিজেপি মিত্রজোঁটে চৰকাৰ গঠন কৰিব বুলি আশা ব্যক্ত কৰে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ৩ খন প্ৰচাৰ সভাত ভাষণ দিয়ে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰছলাত প্ৰচাৰ চলায়।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পাঁচটাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সূচী অনুসৰি পুৱা ১১ বজাত মাহমৰা সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। মাহমৰা সভাখনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ক্ৰমাগতভাৱে সোণাৰী, নাজিৰা আৰু মৰিয়ণি সমষ্টিত ৩খন প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব। সন্ধ্যা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যোৰহাটৰ ৰাজপথত ৰোড শ্বত ভাগ ল’ব। ড০ শৰ্মাই কালি
বৰাক উপত্যকাত কেইবাখনো নির্বাচনী সভাত অংশ লৈ এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্রজোঁটে আশানুৰূপ ফলাফল লাভ কৰিব বুলি আস্থা ব্যক্ত কৰে।
অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খান্দুৱেও ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰাৰ্থীহৈ ধাৰাবাহিকভাৱে প্ৰচাৰ চলায় আহিছে। অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নাওবৈচা, ৰঙানদী আৰু লক্ষীমপুৰ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যই আজি ৰাজ্যৰ দুটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।দিনৰ ভাগত গোৱালপাৰা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে সন্ধ্যা দিছপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিব।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিনৰ ভাগত দুলীয়াজান বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সন্ধ্যা গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত অংশগ্রহণ কৰিব।
মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও আজি ৪খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। পুৱাৰ ভাগতে পৰ্বতঝোৰাত, দুপৰীয়া ভাগত গৌৰীপুৰ আৰু বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। একেদৰে বিয়লিৰ ভাগত নলবাৰীত গৌৰৱ গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কালি সন্ধিয়াৰ ভাগত গুৱাহাটীত ৰাজগড়ৰ পৰা ভঙাগড় গণেশগুৰি হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ দল শাসনলৈ আহিলে ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ লগতে কেইবাটাও নির্বাচনী প্রতিশ্রুতি দিয়ে।
ইপিনে সৰুপথাৰত বিৰোধী মিত্ৰজোঁটৰ হৈ কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।



