শেহতীয়া আপডেটঃ

পূৰবী ডেইৰীৰ বৰাক উপত্যকাত আনুষ্ঠানিক প্ৰৱেশ; শিলচৰ দুগ্ধ প্ৰসংসাধন প্ৰকল্পৰ শুভ উদ্বোধন

এন ডি ডি বিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে তেওঁৰ ভাষণত কয়, “শিলচৰত এই প্ৰসংসাধন সুবিধাটো আৰম্ভ হোৱাৰ ফলত এক উৎপাদক সংগঠন স্থাপনৰ পথ প্ৰশস্ত হৈছে। ই অঞ্চলটোৰ দুগ্ধ পালকসকলক উপকৃত কৰিবলৈ বৰাক উপত্যকাত গাখীৰ সংগ্ৰহ ব্যৱস্থা শক্তিশালী কৰিব। এন ডি ডি বি ডেইৰী চাৰ্ভিচেচ (এন ডি এছ) এ স্থানীয় কৃষকসকলক সহায় আৰু পথ প্ৰদৰ্শন কৰি আছে।

শিলচৰ, ২ মাৰ্চ, ২০২৬: দক্ষিণ অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে শিলচৰৰ গুংগুৰত অৱস্থিত নৱীকৃত দুগ্ধ প্ৰসংসাধন প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। ইয়াৰ লগে লগে বৰাক উপত্যকাত সংগঠিত সমবায় দুগ্ধ খণ্ডৰ আনুষ্ঠানিক প্ৰৱেশ ঘটে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায় আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড (এন ডি ডি বি)ৰ কাৰ্যবাহী সঞ্চালক এছ ৰেগুপতি। এই কাৰ্যসূচীত লোকসভা সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভা সাংসদ কণাদ পুৰকায়স্থ, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাছাৰৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, পশুপালন আৰু পশু চিকিৎসা বিভাগ (এ এইচ ভি ডি)ৰ অধীনস্থ এই দুগ্ধ প্ৰকল্পটো বিগত কেইবা বছৰ ধৰি অচল হৈ আছিল। অসম দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত অসম চৰকাৰে ইয়াৰ নৱীকৰণ/পুনৰ নিৰ্মাণ আৰু কাৰ্যক্ষম কৰিবলৈ অসম চৰকাৰ আৰু এন ডি ডি বিৰ যুটীয়া প্ৰতিষ্ঠান নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেড (এন ই ডি এফ এল)ক চমজাই দিছিল। বৰ্তমান এই দুগ্ধ প্ৰকল্পটো নতুন যন্ত্ৰ-পাতিৰে দৈনিক ২০,০০০ লিটাৰ প্ৰসংসাধন ক্ষমতালৈ আধুনিকীকৰণ কৰা হৈছে।


এন ডি ডি বিৰ ১০০ শতাংশ মালিকানাধীন সংস্থা আই ডি এম চি লিমিটেডৰ জৰিয়তে মাত্ৰ ১০ মাহৰো কম সময়ৰ ভিতৰতে এই সমগ্ৰ কাম সম্পূৰ্ণ কৰা হৈছে। এন ডি ডি বিৰ সমৰ্থন অবিহনে এই অঞ্চলত এনে উন্নত মানৰ সুবিধা গঢ়ি তোলাটো প্ৰায় অসম্ভৱ আছিল।
এই প্ৰকল্পটো মুকলি হোৱাৰ লগে লগে শিলচৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গ্ৰাহকসকলে এতিয়াৰে পৰা পূৰবী ব্ৰেণ্ডৰ অধীনত মানদণ্ডযুক্ত আৰু স্বাস্থ্যসন্মতভাৱে পেকিং কৰা সতেজ পেকেট গাখীৰ লাভ কৰিব- যিয়ে বৰাক উপত্যকাত দীৰ্ঘদিন ধৰি থকা উন্নত মানৰ সতেজ গাখীৰৰ উপলব্ধতাৰ নাটনি দূৰ কৰিব।
পূৰবী ডেইৰীয়ে ইয়াৰ মানদণ্ডযুক্ত গাখীৰ ‘পূৰবী প্লাছ’ ব্ৰেণ্ড নামেৰে ২৫০ মিলিলিটাৰ আৰু ৫০০ মিলিলিটাৰৰ পেকেটত মুকলি কৰিব। এই গাখীৰত ৪.৫ শতাংশ চৰ্বি আৰু ৮.৫ শতাংশ এছ এন এফ (গাখীৰৰ কঠিন উপাদান) থাকে, যিয়ে ইয়াৰ উচ্চ পুষ্টিগুণ আৰু স্থিৰ মানদণ্ড নিশ্চিত কৰে। ২৫০ মিলিলিটাৰ পেকেটৰ মূল্য ১৮ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ৫০০ মিলিলিটাৰ পেকেটটো ৩৫ টকাত উপলব্ধ হ’ব। পেকেট গাখীৰৰ লগতে মিঠা দৈ, প্লেইন দৈ, লাছী, পনীৰ, ঘিঁউ, আইচক্ৰীম, ফ্লেভাৰড মিল্ক, মৌ আদি দুগ্ধজাত সামগ্ৰীও গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।


দুগ্ধ পালক, বিধায়ক, বিষয়া আৰু সংবাদ মাধ্যমৰ এক বিশাল সমাৱেশক সম্বোধন কৰি কৃষ্ণেন্দু পালে কয়, “শিলচৰ দুগ্ধ প্ৰসংসাধন প্ৰকল্পৰ উদ্বোধন মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসমত এক স্বাৱলম্বী আৰু কৃষক-কেন্দ্ৰিক দুগ্ধ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ সপোন পূৰণৰ দিশত এক মাইলৰ খুঁটি। সমগ্ৰ ৰাজ্যত দৈনিক ১০ লাখ লিটাৰ গাখীৰ প্ৰসংসাধনৰ লক্ষ্যত উপনীত হ’বলৈ আমাক সুষম আঞ্চলিক সম্প্ৰসাৰণৰ প্ৰয়োজন, আৰু আজিৰে পৰা বৰাক উপত্যকা আনুষ্ঠানিকভাৱে সেই বিকাশৰ যাত্ৰাৰ অংশীদাৰ হ’ল। ই গ্ৰাহকৰ বাবে স্বাস্থ্যসন্মতভাৱে প্ৰসংসাধিত আৰু মানদণ্ডযুক্ত গাখীৰ নিশ্চিত কৰিব। লগতে এই পদক্ষেপে স্থানীয় দুগ্ধ পালকসকলৰ বাবে নিশ্চিত ক্ৰয় ব্যৱস্থা আৰু সুস্থিৰ উপাৰ্জনৰ সুযোগ সৃষ্টি কৰিব। অসম চৰকাৰ দুগ্ধ আন্তঃগাঁথনি সম্প্ৰসাৰণ, কৃষক সংগঠনসমূহক শক্তিশালী কৰা আৰু প্ৰতিটো পৰিয়ালৰ পুষ্টিগত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”


এই অনুষ্ঠানত ভাষণ দি কৌশিক ৰায়ে কয়, “শিলচৰৰ গুংগুৰত পূৰবী ডেইৰী প্ৰকল্পৰ উদ্বোধন বৰাক উপত্যকাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত, যিটো অঞ্চল দুগ্ধ খণ্ডত যথেষ্ট সম্ভাৱনা থকা স্বত্বেও এতিয়ালৈকে সংগঠিত সমবায় দুগ্ধ আন্তঃগাঁথনিৰ পৰা আঁতৰত আছিল। এই প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ লগে লগে পূৰবী ডেইৰীয়ে অঞ্চলটোত আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে, যাৰ ফলত বৰাক উপত্যকাৰ গ্ৰাহক আৰু কৃষক উভয়ৰে বাবে এক সুশৃংখল আৰু গুণগত মান নিশ্চিত কৰা দুগ্ধ পৰিৱেশ তন্ত্ৰৰ সূচনা হ’ব।”


এন ডি ডি বিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে তেওঁৰ ভাষণত কয়, “শিলচৰত এই প্ৰসংসাধন সুবিধাটো আৰম্ভ হোৱাৰ ফলত এক উৎপাদক সংগঠন স্থাপনৰ পথ প্ৰশস্ত হৈছে। ই অঞ্চলটোৰ দুগ্ধ পালকসকলক উপকৃত কৰিবলৈ বৰাক উপত্যকাত গাখীৰ সংগ্ৰহ ব্যৱস্থা শক্তিশালী কৰিব। এন ডি ডি বি ডেইৰী চাৰ্ভিচেচ (এন ডি এছ) এ স্থানীয় কৃষকসকলক সহায় আৰু পথ প্ৰদৰ্শন কৰি আছে। তেওঁলোকে বৰাক উপত্যকাত গাখীৰ সংগ্ৰহ ব্যৱস্থা স্থাপনৰ বাবে এ এছ আৰ এল এম/ এন আৰ এল এম (অসম ৰাজ্যিক/ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান) ৰ অধীনত এক উৎপাদক সংগঠন স্থাপনত সহায় কৰিব। ইয়াৰ জৰিয়তে এক বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি হ’ব। লগতে ই গ্ৰাম্য দুগ্ধ অৰ্থনীতি অধিক শক্তিশালী কৰি তুলিব। তেওঁ লগতে কয়, ”এন ডি ডি বি-এ অসমৰ দুগ্ধ উন্নয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয়- উভয় দিশতে বিনিয়োগ কৰিছে। এন ই ডি এফ এল-এ এই প্ৰকল্পটোৰ নৱীকৰণ আৰু কাৰ্যক্ষম কৰিবলৈ ১০ কোটি টকা বিনিয়োগ কৰিছে। এই ক্ষেত্ৰত এন ডি ডি বি আৰু এ এইচ আই ডি এফ (পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি, ভাৰত চৰকাৰ) ৰ পৰা বিত্তীয় সাহাৰ্য্য লাভ কৰা হৈছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডে এন ডি ডি বি ডেইৰী চাৰ্ভিচেচ (এন ডি এছ) ৰ দ্বাৰা সংগ্ৰহ কাৰ্য আৰম্ভ কৰিবলৈ ২ কোটি টকাৰ প্ৰাৰম্ভিক মূলধনো যোগান ধৰিছে।”
মন কৰিবলগীয়া যে, এতিয়ালৈকে শিলচৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গ্ৰাহকসকলে মূলতঃ মুকলি গাখীৰ বা বিশেষ পদ্ধতিৰে দীৰ্ঘদিন সংৰক্ষণ কৰা (ইউ এইচ টি) গাখীৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। এতিয়াৰে পৰা মানদণ্ডযুক্ত সতেজ পেকেট গাখীৰে গ্ৰাহকৰ বাবে এক নিৰ্ভৰযোগ্য আৰু গুণগত বিকল্প প্ৰদান কৰিব। গ্ৰাহকসকলক বিশেষভাৱে উপদেশ দিয়া হৈছে যে পেকেট গাখীৰৰ সতেজতা অক্ষুণ্ণ ৰাখিবলৈ ইয়াক ধাৰাবাহিকভাৱে শীতলীকৰণ কৰি ৰখাৰ প্ৰয়োজন।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.