Wednesday, July 9, 2025
25.2 C
Guwahati
TOP NEWS:

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈক স্মৰণ

- Advertisement -

♦নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৩০ জুনত সাহিত্যাচাৰ্য–নলবাৰীৰত্ন– নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–পণ্ডিত ডঃ হৰিনাথ শৰ্মাদলৈ স্মৃতি দিৱস পালন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনস্থিত নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত এই উপলক্ষে আয়োজিত স্মৃতিসভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই । সভা উদ্বোধনী ভাষণত ডাঃ কলিতা ধ্ৰুপদী সাহিত্যৰ বিশিষ্ট গৱেষকগৰাকীৰ অমূল্য পুথিৰাজিয়ে অসমীয়া সাহিত্যক বিশিষ্ট মাত্ৰা প্ৰদান কৰা বুলি কয় । ডঃ হৰিনাথ শৰ্মাদলৈৰ সকলো পুথি এতিয়ালৈ প্ৰকাশ হোৱা নাই বুলি দোহাৰি চৰকাৰক শৰ্মাদলৈৰ সমগ্ৰ ৰচনা প্ৰকাশৰ বাবে তেওঁ অনুৰোধ কৰে ।

সভা উদ্বোধকগৰাকীয়ে কয় যে সাহিত্যৰ জ্ঞানৰ ভাণ্ডাৰগৰাকীয়ে নিজকে জ্ঞানাৰ্থী বুলিহে চিনাকি দিছিল । সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । ‘অসমীয়া সাহিত্যলৈ সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ হৰিনাথ শৰ্মাদলৈৰ অনন্য বৰঙনি’ শীৰ্ষক বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰি জনপ্ৰিয় কবি–ঔপন্যাসিক হীৰেন্দ্ৰ কুমাৰ শৰ্মাই ডঃ শৰ্মাদলৈৰ সাহিত্য আৰু জীৱন এষণাৰ ব্যাখ্যা আগ বঢ়ায় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানত ভাগ লোৱাসকলক সম্ভাষণ জ্ঞাপনেৰে স্মৃতি দিৱস আয়োজনৰ উদ্দেশ্য বিৱৰি কয় । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলক পাঠকে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । অসম সংগীত পৰিৱেশনেৰে দিৱসৰ কাৰ্যসূচী সামৰা হয় ।

এই অনুষ্ঠানৰ আদিতে ডঃ হৰিনাথ শৰ্মা দলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেন্সন প্ৰাপক–সাহিত্য সংগঠক ঈশ্বৰ চন্দ্ৰ গোস্বামীয়ে । মাল্যাৰ্পণ কৰে বিশিষ্ট পণ্ডিতগৰাকীৰ দুহিতা–শিক্ষয়িত্ৰী অঞ্জনা দেৱীয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটিৰে আৰম্ভ হোৱা স্মৃতি সভাখনত বনশ্ৰী গোস্বামীয়ে ভজন পৰিৱেশন কৰে । ইয়াৰ লগে লগে অপূৰ্ব কুমাৰ শৰ্মা, কবিতা ডেকা তালুকদাৰ, নৰেশ্বৰ কলিতা, সুশীল চন্দ্ৰ তামুলী, শেৱালি কাকতী, নৱকান্ত তালুকদাৰ, ৰিয়াজ উদ্দিন আহমেদ, দিলীপ ভট্টাচাৰ্য, বিপুল চক্ৰৱৰ্তী, মৃদুস্মিতা বৰুৱা মেধি, প্ৰণীতা হালৈ, জোন কুমাৰ বৰ্মন, ক্ষীৰোদা দাস, মৃন্ময় শৰ্মা, নৱদীপ বৰকটকী, প্ৰদীপ কুমাৰ বৈশ্য আৰু অংকিতা কাশ্যপে ডঃ হৰিনাথ শৰ্মাদলৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
91 %
2kmh
100 %
Wed
28 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
28 °