♦ নদী আৰু নাৰী (River and women) পৰিয়ালৰ কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় নগৰ সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ২৬ নৱেম্বৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডo নগেন শইকীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ ল’বৰ বাবে এক কাৰ্যসূচী লৈ তেখেতলৈ শ্ৰদ্ধাৰ আৰু সু-স্বাস্থ্য কামনা কৰে। নদী আৰু নাৰী পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনাত এখনি সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা, গামোচা, কিতাপৰ টোপোলা, ডিব্ৰুগড় নগৰ সমিতিৰ স্মৃতি গ্ৰন্থ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত নদী আৰু নাৰীৰ কেন্দ্ৰীয় প্ৰতিস্থাপক ৰনাল্ডো টাইদ, উপদেষ্টা মন্দিৰা শইকীয়া, ডিব্ৰুগড় নগৰ সমিতিৰ হৈ উপ সভাপতি নীলিমা বৰা, সম্পাদক, ৰাজশ্ৰী সেনাপতি গগৈ, সহঃ সম্পাদক পৃতাঞ্জলি মেধি শৰ্মা, ব্যৱস্থাপক ৰুমী ফুকন বুঢ়াগোহাঁই, সাংস্কৃতিক সম্পাদক, মিতু গোস্বামী, জোনালী গগৈ দত্ত, ডিব্ৰুগড় জিলা সমিতিৰ হৈ সভাপতি বীণা কোঁৱৰ বৰুৱা, সম্পাদক পৰিণীতা ৰাজকোঁৱৰ, প্ৰণিতা চিত্ৰকৰ, ৰীতা দাস হাজৰিকা, মামণি মাউত আদি কৰি প্ৰায় ১২ গৰাকী কবি উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয়।

ড০ নগেন শইকীয়াই বৰ্তমানলৈকে প্ৰায় ৪০০ খন গ্ৰন্থ ৰচনাৰ লগতে বহু গ্ৰন্থ সম্পাদনা কৰিছে। ড০ নগেন শইকীয়াই নদী আৰু নাৰী পৰিয়ালৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে উচ্চ প্ৰশংসা কৰে। ড০ নগেন শইকীয়াই নদী আৰু নাৰী পৰিয়ালক প্ৰশংসা কৰি কয় যে ” নদী আৰু নাৰী মানে সৃষ্টিৰ আদিম প্ৰতীক। নদী চিৰদিন প্ৰৱাহিত হৈ থকাৰ দৰে নাৰী প্ৰবাহিত হৈ থাকিব। এটা অতি সুন্দৰ নাম আৰু সুন্দৰ অনুষ্ঠান হওঁক, তাৰে শুভ কামনা জ্ঞাপন কৰিলো”।





