কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশ্বনাথত বৃক্ষৰোপণ অভিযান
বিশ্বনাথ ২৯ জুন:–কোভিড অতিমাৰীৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ আৰু পৰিবেশত অক্সিজেনৰ মাত্ৰা বঢ়োৱাৰ উদ্দেশ্যেৰে বিশ্বনাথ জিলাৰ বালিপুখুৰীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ডী/৩০ নং বেটেলিয়নে আজি এক সজাগতা অভিযান আৰম্ভ কৰে। এই অভিযানৰ অংশ হিচাবে যোৱা ২৮ জুন তাৰিখে বাপুজী হাইস্কুল, বালিপুখুৰী আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে বৃক্ষৰোপন কৰা হয়। এই উপলক্ষে ডী/৩০ নং বেটেলিয়নৰ জোৱানসকলে ৬০০০ ঔষধি গছ আৰু নিম, জামু, আহঁত আদি গছ ৰোৱাৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰথম দিনাই ১৫০০ গছপুলি ৰোপন কৰি আপ-ডাল কৰাৰো শপত লোৱা হয়।
কোম্পানী কমাণ্ডাৰ বী ভী সিং যোধাই প্ৰকাশ কৰা মতে, কমাণ্ডাৰ দিনেশ সিং চণ্ডেলৰ নিৰ্দেশ অনুযায়ী বৃক্ষৰোপনৰ এই কাৰ্যসূচী হাতত লোৱা হৈছে। বাহিনীৰ তৰফৰ পৰা যুৱকসকলকো বৃক্ষৰোপন কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হয়।
Leave a Reply Cancel reply