আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ অৰ্থনীতিৰ ন’বেল
আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ’মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অৰ্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই তিনিগৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। এই পুৰস্কাৰৰ বাবদ এই অর্থনীতিবিদ কেইগৰাকীয়ে ১১ নিযুত ছুইডিচ ক্ৰ’নাৰ বা ১.২ নিযুত মার্কিন ডলাৰ মূল্যৰ পুৰস্কাৰৰ ধন লাভ কৰিব। 




