▶️Nobel Prize | Peace | Maria Corina Machado : ভেনিজুৱেলাৰ আইৰন লেডী খ্যাত মাৰিয়া ক’ৰিণা মাচাডোলৈ শান্তিৰ নোবেল বঁটা▶️মাৰিয়া ক’ৰিণা মাচাডোৱে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ নেতৃত্ব দিছিল


২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। ভেনিজুৱেলাৰ আইৰন লেডী মাৰিয়া ক’ৰিনা মাচাডোলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল বঁটা।
আইৰন লেডী খ্যাত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।
আইৰন লেডী খ্যাত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে দশকজোৰা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।



গণতান্ত্ৰিক অধিকাৰৰ হকে তেওঁ নিস্বাৰ্থভাৱে কৰিছিল অবিৰত সংগ্ৰাম। গণতন্ত্ৰ ৰক্ষাৰ বাবে কৰা নিৰ্ভীক সংগ্ৰামৰ বিৰল স্বীকৃতি হিচাপে মাৰিয়ালৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল বঁটা।




ভেনিজুৱেলাত নিকোলাচ মাডুৰোৰ চৰকাৰ অহাৰ পাছতে আত্মগোপন কৰিবলগীয়া হৈছিল। ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ বাবে ক্লান্তিহীন সাধনাৰ বাবে এই সন্মান আগবঢ়াইছে নোবেল কমিটিয়ে।




