■ পংকজ বেজবৰুৱা, নলবাৰী : মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ১৭ মে’ত টিহু নগৰত সাংবাদিক, আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণেৰে জন সেৱাৰ কাৰ্য ৰূপায়ণ কৰে । অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে সকলো লোককে চৰকাৰে জাৰি কৰা ক’ৰ’না বিষয়ৰ সকলো নিয়মৰ লগতে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় । তেওঁ সকলো নাগৰিকৰ লগতে সাংবাদিকসকলকো অতি সাৱধানতাৰে দৈনন্দিন কাম কাজ চলাই নিবলৈ মুকলি আহ্বান কৰে । অধ্যক্ষগৰাকীয়ে কয় যে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গুৰুত্বপূৰ্ণ অংগ আৰু আৰক্ষীসকলো প্ৰশাসনৰ অন্যতম অংশ । সমাজৰ কাম কৰি যাওঁতে এই দুয়োটা খণ্ডৰ প্ৰহৰীসকলে নিজকো সুৰক্ষা কৰি ৰখাটো অতি প্ৰয়োজন । পুৱাৰ ভাগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰৰ লগতে উপাধ্যক্ষ বাবুল চন্দ্ৰ ডেকা আৰু টিহু মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ শৰ্মাৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটি প্ৰতিনিধি দলে টিহুৰ আৰক্ষী, সংবাদিক, স্বাস্থ্যকৰ্মী, শ্ৰমিক তথা নাগৰিকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে । মহাবিদ্যালয়খনৰ প্ৰতিনিধি দলটোৱে ৰাইজৰ মাজত ক’ৰ’না প্ৰতিৰোধী সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ শৰ্মাই জনাইছে যে
টিহু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এই জন সেৱাৰ অভিযান ২০ মে’লৈ অৱ্যাহত থাকিব । মহাবিদ্যালয়খনৰ এই কাৰ্যৰ প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক মৈত্ৰেয়ী কাত্যায়ন, সৌৰভ হালৈ, বৰষা দাস, নীহাৰিকা কলিতা, দেৱাশিস গোস্বামী, সন্দীপন শাণ্ডিল্য প্ৰমুখ্যে শিক্ষাৰ্থীসকলে ভাগ লয় । টিহু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এনে প্ৰসংশনীয় ব্যৱস্থাক ৰাইজে বাৰুকৈয়ে আদৰণী জনাইছে ।
অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে সকলো লোককে চৰকাৰে জাৰি কৰা ক’ৰ’না বিষয়ৰ সকলো নিয়মৰ লগতে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় । অধ্যক্ষগৰাকীয়ে সকলো নাগৰিকৰ লগতে সাংবাদিকসকলকো অতি সাৱধানতাৰে দৈনন্দিন কাম কাজ চলাই নিবলৈ মুকলি আহ্বান কৰে । অধ্যক্ষগৰাকীয়ে কয় যে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গুৰুত্বপূৰ্ণ অংগ আৰু আৰক্ষীসকলো প্ৰশাসনৰ অন্যতম অংশ । সমাজৰ কাম কৰি যাওঁতে এই দুয়োটা খণ্ডৰ প্ৰহৰীসকলে নিজকো সুৰক্ষা কৰি ৰখাটো অতি প্ৰয়োজন ।
Leave a Reply