♦ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ আনৰ দুখত দুখী হ’ব পৰাটোৱে জীৱনৰ আচল মহত্ব৷ যি মহত্বত লুকাই থাকে প্ৰকৃত মানৱতা৷ আজি সেই মানৱতাৰে উৎকৃষ্ট চানেকি দেখুৱালে গোৱালপাৰা জিলাৰ কৃষ্ণাই ভেলাখামাৰৰ এদল কৰ্মদ্যোমী যুৱকে৷ গাওঁখনৰ হৃদয়বান যুৱক ক্ৰমে প্ৰশান্ত কুমাৰ দেৱ নাথ, অপূর্ব ৰায়, বিক্ৰম সিংহ, কঁপিল সিংহ, মাধৱ ৰাভা, নিৰ্মল শৰ্মা, পংকজ শৰ্মা, গকুল ৰায়, সঞ্জয় ৰায় আৰু সহদেৱ ৰায়ে আজি দুপৰীয়া নিজৰ গাঁঠিৰ ধন ভাঙি একোটিকৈ খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ালে কনটেইনমেন্ট জ’নত থকা পাখিৰীগুৰি গাঁৱৰ কৰ’না আক্ৰান্ত ৰাইজক৷
জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰি গাঁও খনত সম্প্ৰতি কৰ’নাৰ গণ সংক্ৰমণ ঘটিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে গাওঁ খনৰ মুঠ ৩৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত ৮ মে’ত জিলা প্ৰশাসনে পাখিৰীগুৰি অঞ্চলটোক কনটেইনমেন্ট জ’ন ঘোষণা কৰি ছীল কৰি দিয়ে৷ ইয়াৰ ফলত প্ৰায় পঞ্চাশ শতাংশ দৈনিক শ্ৰমজীৱী লোকে বসতি কৰা গাওঁখনত খাদ্য সংকটে দেখা দিবলৈ আৰম্ভ কৰিছে৷ প্ৰশাসনৰ পৰা বিশেষ সাহায্য লাভ নকৰা পাখিৰীগুৰি গাওঁবাসীৰ কাষত সেয়ে এনেদৰে থিয় দিলে ভেলাখামাৰৰ যুবকৰ দলটো৷ সচেতন মহলে যুৱকৰ দলটোৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰিছে৷
Leave a Reply