শেহতীয়া আপডেটঃ

কভিড১৯ক পৰাস্ত কৰি সুস্থ হৈ, হাঁহিমুখে ঘৰলৈ উভতিল নলবাৰী জিলাৰ ছাত্ৰ কৰ্মী শংকৰ কলিতা

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ সমগ্ৰ বিশ্বত মহামাৰী কৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ চলি আছে।অসমতো মহামাৰী কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে। নলবাৰী জিলাটো দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে আৰু মৃত্যু হৈ আছে। এই কভিড ১৯ ৰ সময়তে ভাল খবৰ লৈ আহিছে নলবাৰী জিলাৰ সাহানবিষ্টুপুৰ গাওৰ ভৱেন্দ্ৰ কলিতা আৰু উষা কলিতাৰ পুত্র শংকৰ কলিতাই।

সাহানবিষ্টুপুৰ ক্ষুদ্ৰবিষ্টুপুৰ শাখা ছাত্র সন্থাৰ উপদেষ্টা, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সহ সাধাৰণ সম্পাদক, জয়শ্রী যুৱক সংঘৰ সদস্য, গোপ‍াল থান গোসাইঘৰ (সাহানবিষ্টুপুৰ-ঘোহকুছি) পৰিচালনা সমিতিৰ প্ৰাক্তন সহ সম্পাদক, অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যুৱক শংকৰ কলিতাই কভিড-১৯ ৰ সৈতে যুজি যুজি পৰাস্ত কৰি সুস্থ হৈ ঘৰলৈ উভতিছে। উল্লেখ যোগ্য যে যোৱা ৪ মে দিনৰ ভাগত সাধাৰণ চৰ্ডি, জ্বৰ আৰু মূৰৰ বিষ হৈ দুৰ্বল হৈ পৰাত নিশা ছাত্র কৰ্মী জনে টেষ্ট কৰাত ধৰা পৰে কভিড ১৯ পজিটিভ । লগে লগে তেওক ভৰ্তি কৰোৱা হয় GMCH ত।

২৩ বছৰীয়া ছাত্র কৰ্মী জনে ৭ দিন কভিড ১৯ ৰ সৈতে যুজি চিকিৎসকৰ চিকিৎসা , শুভাকংক্ষীৰ আৰ্শীবাদ, মনোবল আৰু নিজৰ মনোবলেৰে পৰাস্ত কৰিলে কভিড ১৯ক। ১০ মে তাৰিখে ছাত্র কৰ্মীজনৰ ৰিজাৰ্ট নিগেটিভ আহে আৰু সেইদিনাএ হাহি হাহি নিজৰ ঘৰলৈ উভতে। ছাত্র কৰ্মী শংকৰ কলিতাৰ কভিড ১৯ আক্ৰান্ত খবৰে সকলোকে মৰ্মাহত কৰিছিল। তেও কভিড ১৯ আক্ৰান্ত খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক, আলহী অতিথি ৰ লগতে সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল ডেকা, মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমান, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, উপ সভাপতি উৎপল কলিতা, কল্প ৰাজবংশী, সাধাৰণ সম্পাদক অক্ষয় ডেকা, সহ সাধাৰণ সম্পাদক নিৰুজজউদ্দিন আহমেদ, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা , প্ৰকৃতিপ্ৰেমী জিমনি তামুলী, চি এণ্ড এচি নিউজৰ সম্পাদক ৰাস্মামনি গগৈ, আমাৰ প্ৰণাম কাকতৰ সম্পাদক দেৱজিত সৰকাৰ, সাংবাদিক কালিন্দ্ৰ কুমাৰ বৰ্মন, দ্বিজেন ডেকা, কৈলাস ডেকা, মৃদুল কলিতা , ৰমজান আলী, শংকৰ দাসকে ধৰি বিভিন্ন জন ব্যক্তি, ছাত্র সন্থাৰ নেতা কৰ্মী, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থা, সাহানবিষ্টুপুৰ-ক্ষুদ্ৰবিষ্টুপুৰ শাখা ছাত্র সন্থা কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বন্ধু বান্ধৱী, গাওঁবাসী ৰাইজ আৰু ব্যক্তিয়ে আশু আৰোগ্য কামনা কৰিছিল। তেখেত সকলৰ আৰ্শীবাদ আৰু মনোবল, চিকিৎসক ,নাৰ্চৰ চিকিৎসা আৰু নিজৰ মনোবলত কভিড ১৯ ক পৰাস্ত কৰি সুস্থ হৈ উঠিছো বুলি ছাত্র কৰ্মীজনে জানিব দিয়ে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.