Wednesday, May 28, 2025
27.4 C
Guwahati
TOP NEWS:

৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সম্মিলন: আজি লাইখুটা স্থাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● গুৱাহাটী মহানগৰীৰ গণেশগুৰিত অহা ৩১ চ’ত, ১ আৰু ২ ব’হাগ (ইং ১৪, ১৫ আৰু ১৬ এপ্রিল, ২০২৫) তাৰিখে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সম্মিলনৰ আয়োজন কৰিছে। সেই উপলক্ষে ২ চ’ত (ইং ১৬ মার্চ, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ্য ইন্দ্রানী তালুকদাৰে।

উদ্যোক্তাসকলে জনোৱা মতে বিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি অহা ৩১ চ’ত (ইং ১৪ এপ্রিল, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত পতাকা উত্তোলন। উত্তোলন কৰিব বিশিষ্ট সমাজসেৱিকা পদ্মা ঠাকুৰীয়া বড়োৱে।

ৰাতিপুৱা ১০.৩০ বজাত গৰু বিহু উদযাপন কৰা হ’ব। দিনৰ ১১.০০ বজাত স্মৃতিগ্রন্থ “বর্হমথুৰি” উন্মোচন কৰিব তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্র দেৱ ৰয়ে। দিনৰ ১২.০০ বজাত খেল-ধেমালি প্রতিযোগিতা আৰু কুইজ প্রতিযোগিতা। আবেলি ৩.০০ বজাত মৌ-কুঁৱৰী আৰু জেং বিহু প্রতিযোগিতা। মৌ-কুঁৱৰী প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ১০,০০০ টকা আৰু বঁটা, দ্বিতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা আৰু বঁটা, তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা আৰু বঁটা। ঠিক একেধৰণে জেং বিহু প্রতিযোগিতাৰ প্রথম পুৰস্কাৰ নগদ ১০,০০০ টকা আৰু বঁটা, দ্বিতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা আৰু বঁটা, তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা আৰু বঁটা।

সন্ধিয়া ৭.০০ বজাত বস্তি প্রজ্বলন ও শ্রদ্ধাঞ্জলি অনুষ্ঠান। বস্তি প্রজ্বলন কৰিব দিশপুৰ পলিক্লিনিক এণ্ড হাস্পতাল প্রাঃ লিমিটেডৰ পৰিচালন সঞ্চালিকা ডাঃ জুতিমালা বৰদলৈ ভট্টাচাৰ্য্যই। সন্ধিয়া ৭.৩০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অহা ১ ব’হাগ (ইং ১৫ এপ্রিল, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত চিত্রাংকণ প্রতিযোগিতা। আবেলি ৩.০০ বজাত মৌ-কুঁৱৰী আৰু জেং বিহু প্রতিযোগিতা। সন্ধিয়া ৭.০০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মানৱ সম্পদ উন্নয়ন তথা ক্ষেত্র প্রশাসক, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ কার্যবাহী সঞ্চালক মাধুর্য্য বৰুৱাই। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী মর্মিতা মিত্র আৰু কমলীকা কাশ্যপৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। তৃতীয় দিনৰ কাৰ্যসূচী মতে অহা ২ ব’হাগ (ইং ১৬ এপ্রিল, ২০২৫) তাৰিখে বাতিপুৱা ১০.০০ বজাত ভেশচন প্রতিযোগিতা। সন্ধিয়া ৬.০০ বজাত প্রতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ। নিশা ৭.৩০ বজাত সম্বর্ধনা অনুষ্ঠান। নিশা ৮.০০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজমুকুট থিয়েটাৰৰ প্রযোজক মানস কলিতাই। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী আচুর্য বৰপাত্ৰৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। এইবছৰ ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনত অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য্যক আমন্ত্রণ জনোৱা হৈছে।

বিহুৰ লগত সংগতি ৰাখি ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনৰ মহিলা বিভাগৰ উদ্যোগত অহা ৪ এপ্রিলৰ পৰা ১০ এপ্রিল, ২০২৫ তাৰিখলৈ বিহু নাচৰ কর্মশালাৰ আয়োজন কৰিছে। কর্মশালাত বিহু সম্রাজ্ঞী দেবাংগনা চুতীয়া আৰু লাচিত বৰুৱা মুখ্য প্রশিক্ষক হিচাপে উপস্থিত থাকিব। বিহুৰ কাৰ্যসূচীত আৰু কর্মশালাত অংশগ্ৰহণৰ বাবে 9435192775, 9085466666, 9864052600, 9101388984, 9707025302 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অনুষ্ঠানৰ সমূহ কার্যসূচী সফল কৰি তুলিবলৈ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সম্মিলনীৰ সভাপতি কপেশ্বৰ ঠাকুৰীয়া বড়ো আৰু সাধাৰণ সম্পাদক বিপুল চন্দ্র দাসে।

- Advertisement -

Hot this week

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds