তেজপুৰ মেচিন চাৰিআলি টেম্পু চালাকৰ দপদপনি::যাত্ৰীক দু-ব্যৱহাৰ
তেজপুৰ ২৬ ফেব্ৰুৱাৰী :
আজি পবিত্ৰ মহা শিৱ ৰাতি । ৰাজ্যৰ চাৰিওফালে শিৱ ৰাতি উদযাপন কৰাত ব্যস্ত থকা সময়তে তেজপুৰ মিচন চাৰিআলি টেম্পু একাংশ চালাকৰ কাণ্ডত অতিষ্ঠ যাত্ৰী। নিশা ১০ বজাৰ পিছত একাংশ টেম্পু চালাক মদ্যপান কৰি যাত্ৰীক অধিক ভাড়া আদায় কৰা লগতে দু-ব্যৱহাৰ কৰা অভিযোগ উঠিছে। ইফালে শিৱ ৰাতি নিশা বহু কেইগৰাকী যাত্ৰীক দু-ব্যৱহাৰ কৰা লগতে যাত্ৰী পৰা অধিক ভাড়া আদায় লোৱা অভিযোগ উঠিছে। ইফালে কাষতে লাগে থকা মিচন চাৰিআলি কাছাৰী আৰক্ষীক চকীক বিষয়টো গুৰুত্ব দিবলৈ আহ্বান জনাই যাত্ৰী সকলৰ লগতে সচেন মহলে। আনহাতে নিশা ১০ বজাৰ পিছত তেজপুৰ মিচন চাৰিআলিত চলোৱা টেম্পু চালাকক মদ্যপান কৰা ওপৰত আৰক্ষীয়ে পৰীক্ষা কৰিবলৈ দাবী জনাই। যাতে কোনো এজন টেম্পু চালাকে মদ্যপান কৰি টেম্পু চলাব নোৱাৰে তাৰ বাবে তেজপুৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।
Leave a Reply Cancel reply