শেহতীয়া আপডেটঃ

গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক কাৰ্যক্ৰমত ডা: মোহন ভাগৱত, মাতৃভাষাৰ মাধ্যমেৰে সকলোৱে মত-বিনিময় কৰিব লাগে

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম অন্য সংগঠনৰ নিচিনা নহয় ৷ সনাতন সংস্কৃতি ৰক্ষা আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে তন-মন-ধন উজাৰি দি কাম কৰিৱলৈ ওলাই অহা এচাম স্বয়ংসেৱকৰ সংগঠন ৷ যিকোনো পৰিৱেশ পৰিস্হিতিৰ বাবে স্বয়ংসেৱক সকলে কাম কৰিবলৈ ওলাই আহে ৷ এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতৰ ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ উদ্যোগত বৰ্ষাপাৰাস্থিত সাউথ পইণ্ট বিদ্যালয় প্ৰাংগণত আজি পুৱা কাৰ্যকৰ্তা বৌদ্ধিক বৰ্গত সৰসংঘচালক গৰাকীয়ে কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে সমাজৰ কল্যাণৰ বাবে এক ঘটক হিচাপে কাম কৰে।

উল্লেখ্য, উক্ত বৌদ্ধিক কাৰ্যক্ৰমত গুৱাহাটী মহানগৰৰ শাখা টোলী আৰু ইয়াৰ ওপৰৰ সহস্ৰাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰি পুনৰ কয় যে, সমাজত প্ৰয়োজনীয় পঞ্চ পৰিবৰ্তন অৰ্থাৎ সামাজিক সমৰসতা, কুটুম্ব প্ৰবোধন, পৰ্যাবৰণ সংৰক্ষণ, স্বদেশী আচৰণ আৰু নাগৰিক কৰ্তব্যৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে। সমাজৰ ভিন্ন ভিন্ন জাতি-জনজাতিৰ মাজত সামাজিক সদভাৱনা, নিজৰ কুটুম্বৰ মাজত কুটুম্ব প্ৰবোধনৰ মংগল সংবাদেহে আমাৰ সমাজখনক সঠিক পথত আগুৱাই নিব।তেখতে কয় যে সমাজৰ ভিন্ন জাতি, বৰ্গ , পন্থ , প্ৰান্ত আৰু ভাষাভাষীৰ মাজত আমাৰ আৰু আমাৰ কুটুম্বৰ মিত্ৰতা বঢ়াব লাগে।

এই মিত্ৰ ভাৱেৰে সমাজৰ প্ৰতিজনৰ সহমতত সকলো হিন্দুৰ মন্দিৰ, পানী আৰু শ্মশান এক হ’ব লাগে বুলি ডাঃ ভাগৱতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। পানী সংৰক্ষণ, পলিথিন বৰ্জন আৰু গছপুলি ৰোপনৰ মাজেৰে পৰ্যাবৰণ সংৰক্ষণ কৰাৰ দায়িত্ব সম্পূৰ্ণ সমাজৰ বুলিও তেখেতে মতপোষণ কৰে। তেখেতে কয় যে প্ৰতিজন ভাৰতীয়ৰ ঘৰত ভাষা,ভূষা, ভোজন, ভৱন আৰু ভ্ৰমণ নিজ (স্ব) আচৰণৰ হ’ব লাগে। নিজৰ দৈনন্দিন জীৱনত নিজৰ মাজত বিদেশী ভাষাৰ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে নিজৰ মাতৃভাষাত কথোপকথন কৰাৰ বাবে সকলোকে আহ্বান জনায়।

 

অৱশ্যে, অত্যন্ত প্ৰয়োজনতহে বিদেশী ভাষা ব্যৱহাৰ কৰিব লাগে বুলি তেখেতে মত পোষন কৰি ভাষণ প্ৰসংগত তেখেতে পুনৰ কয় যে সকলো নিয়ম আইন নহয়, কিন্তু সুস্থ আৰু সবল সমাজৰ বাবে প্ৰতিজনে পৰম্পৰাগত সামাজিক নিয়ম পালন কৰাটো প্ৰকৃত নাগৰিকৰ কৰ্তব্য। কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ শৰ্মা আৰু গুৱাহাটী মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধিও উপস্থিত থাকে। আনহাতে, সৰসংঘচালক গৰাকীয়ে আবেলি গুৱাহাটী মহানগৰৰ এটা বিদ্যাৰ্থী শাখা উপস্হিত হৈ শাখা টোলীৰ বৈঠকত অংশগ্ৰহণ কৰে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.