বিশ্বনাথত আজিৰ পৰা আৰম্ভ হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃ ৰাষ্ট্ৰীয় অনুষদ উন্নয়ন কাৰ্যসূচী
বিশ্বনাথ ৫ ফেব্ৰুৱাৰী :
বিশ্বনাথত আজিৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইব্ৰিড আন্তঃৰাষ্ট্ৰীয় অনুষদ উন্নয়ন কাৰ্যসূচী। বিশ্বনাথ শিক্ষা মহাবিদ্যালয়ত “শিক্ষণ-শিক্ষণৰ বৰ্তমানৰ প্ৰৱণতা আৰু পদ্ধতি” শীৰ্ষক পাঁচদিনীয়া হাইব্ৰিড ( অনলাইন আৰু অফলাইন) আন্তঃৰাষ্ট্ৰীয় অনুষদ বিকাশ কাৰ্যসূচীৰ আজি প্ৰথমদিনটো সফলতাৰে সমাপ্ত হয়। বিশ্বনাথ শিক্ষা মহাবিদ্যালয়ৰ ইণ্টাৰেল কোৱালিটি এচ্যুৰেঞ্চ চেলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্বোধনী অধিৱেশনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিউটি হাজৰিকাই শিক্ষাৰ ক্ষেত্ৰত পেছাদাৰী বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে আই কিউ এ চিৰ সমন্বয়ক ময়ুৰী বৰুৱাই বস্তুনিষ্ঠ ভাষণ দি কাৰ্যসূচীৰ লক্ষ্য আৰু আশা কৰা ফলাফলৰ ৰূপৰেখা দাঙি ধৰে। আজিৰ এই কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক দুলুমণি গোস্বামীৰ লাৰ্নিং মেনেজমেণ্ট চিষ্টেমৰ ওপৰত এক অন্তৰ্দৃষ্টিসম্পন্ন ভাষণ। তেওঁৰ ভাষণত ডিজিটেল পাঠদান সঁজুলি আৰু আধুনিক শিক্ষাত ইয়াৰ ভূমিকা সম্পৰ্কে মূল্যৱান দৃষ্টিভংগী প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ
অধ্যাপক যোগেন চন্দ্ৰ কলিতা পৃষ্ঠপোষক হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে বাবুল বৰা আৰু পংকজ জ্যোতি ভূঞা উপস্হিত থাকে। আজিৰ এই কাৰ্যসূচীৰ মাজতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা সত্ৰীয়া নৃত্যৰ সন্মানীয় চি চি আৰ টি জুনিয়ৰ ফেল’শ্বিপ লাভ কৰাৰ বাবে বিশ্বনাথ শিক্ষা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অংকুমনি কপিলক সম্বৰ্ধনা জ্ঞাপন কৰাও হয়।
আনহাতে আজিৰ দিনটোৰ অধিবেশনৰ সামৰণি পৰে এক ইন্টাৰেক্টিভ আলোচনাৰে, য’ত অংশগ্ৰহণকাৰীসকলে প্ৰশ্ন কৰে আৰু দিনটোৰ অধিবেশনৰ পৰা মূল টেক-এৱেসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰে। আনহাতে এই কাৰ্যসূচীত অনলাইন যোগে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্হিত থাকিব আমেৰিকাৰ ইউ এম এ গ্লৱেলৰ চি ই অ’ ড° ৰিতা কাকতি শ্বাহ, কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° অলকা দাস, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° নীল ৰতন ৰয়, চিংগাপুৰৰ শিক্ষা সমাজৰ আই ই ই ইৰ অধ্যক্ষ ড° দীপক ওৱেইকাৰ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° শান্তনু কলিতা। আজিৰ এই কাৰ্যসূচীত আই কিউ এ চিৰ সহ সমন্বয়ক তুষাৰ সোনাৰ, সদস্য ড° কৃষ্ণা কুমাৰী চেত্ৰী, পুজা বৰকাকতিৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্হিত থাকে।
Leave a Reply Cancel reply