সৰস্বতী পূজাৰ দিনাই শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতীকী অৱস্থান ধৰ্মঘট

শিৱসাগৰৰ পৰা পৰাগ বড়াঃ সৰস্বতী পূজাৰ দিনটোতে প্ৰতিবাদত বহিল বীৰ লাচিত সেনাৰ।
শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ কৰ্মীসকলে ৰূপায়ন কৰে প্ৰতীকী অৱস্থান ধৰ্মঘট।
৭জনকৈ খিলঞ্জীয়া লোকক আৰক্ষীয়ে আটক কৰি ৰখাৰ প্ৰতিবাদত সংগঠনটোৰ এই প্ৰতীকী অৱস্থান ধৰ্মঘট।

খিলঞ্জীয়া জনগণৰ কণ্ঠ ৰোধ কৰাৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ সংগঠনটোৰ।
উল্লেখ্য যে, যোৰহাটৰ ৰাজপথত দুই নগ্ন বাবাৰ ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পিছতে সাতজনকৈ যুৱকক আটক কৰিছিল আৰক্ষীয়ে।

তাৰ পিছতে জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা। লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে ৰংঘৰৰ সন্মুখত এই প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আটকাধীন যুৱককেইজনক বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে দাবী জনায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*