শিশুৰ দিন উপলক্ষে অসম গ্ৰন্থমেলাত অনুষ্ঠিত চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ

শিশুৰ দিন উপলক্ষে যোৱা ৫ জানুৱাৰীত অসম গ্ৰন্থমেলা, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ আজি সামৰণী অনুষ্ঠানত বিতৰণ কৰা হয়৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্‌ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা, নিনাদ ছেত্ৰীয়ে৷ “খ” শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰুচি আফ্ৰিনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ, নিভৃতি পাঠকে৷ “গ” শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিস্নাতা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে শিল্পা বৰা, চিন্ময় দাস, ধৃতিমা ডেকাই৷কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি. এম. শইকীয়া, আত্মিষা প্ৰজ্ঞা হাজৰিকাই৷ “খ” শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী, মূৰ্চনা শৰ্মাই৷ আনহাতে সাংস্কৃতিক প্ৰতিযোগিতাত বিদ্যালয় শাখাত কাহিলীপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলে প্ৰথম, বৰ্ষাপাৰাৰ চাউথ পইন্ট স্কুল আৰু লখৰাৰ এন পি এচ ইন্টাৰনেচনেল স্কুলে যুটীয়াভাৱে দ্বিতীয়, বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় আৰু মালিগাঁৱৰ নিলাচল জাতীয় বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে৷ মহাবিদ্যালয় শাখাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰথম, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে চতুৰ্থ স্থান লাভ কৰিছে৷ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মনে৷ উল্লেখ্য যে আজি দ্বাদশ অৰ্থাৎ অন্তিম দিনালৈ প্ৰায় ৭কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷ অন্তিমদিনা মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*