বিহু সম্ৰাজ্ঞী ড্ৰীমলী গগৈৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গন্ধৰ্ব কলা কেন্দ্রৰ বিংশতি তম বৰ্ষপূৰ্তি প্ৰতিষ্ঠা দিৱস শংকৰদেৱ কলা ক্ষেত্রৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসত গন্ধৰ্ব কলা গৰিমা উৎসৱ আয়োজন কৰা হৈছে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত নৃত্যাচাৰ্য গুৰু যতীন্দ্র নাথ গোস্বামী দেৱলৈ নৃত্য, কলা, সংস্কৃতি, সাহিত্য, সমাজ, ৰাজনীতি আদিৰ ক্ষেত্ৰত অশেষ কষ্ট কৰি জীৱন সফল কৰা সমল ব্যক্তি সকলক সন্মান প্ৰদান কৰাৰ লগতে গুৱাহাটী পৌৰনিগমৰ ৩৭ নং ৱাৰ্ডৰ পাৰিষদ, বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ পূৰ্বোত্তৰ ক্ষেত্রৰ পূৰ্ব ছাত্র সংযোজিকা তথা গীতানগৰ শতদল সাহিত্য সভাৰ সম্পাদক স্বপ্না দেৱী শৰ্মাক “গন্ধৰ্ব অভিনমিতা বঁটাৰে “সন্মানিত কৰে।
ড্ৰীমলী গগৈৰ নীৰৱ সাধনা,অক্লান্ত পৰিশ্ৰম, ধৈৰ্য, সাহস আৰু নৃত্য কুশলতাই অসমৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান দিয়াৰ লগতে “গন্ধৰ্ব কলা কেন্দ্রৰ” বিশেষ অৰিহণা আছে।
Leave a Reply Cancel reply