নিশা বন্দুক উদ্ধাৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত।

নিশা বন্দুক উদ্ধাৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত।

 

অসম খবৰ বিহালী ২৭ ডিচেম্বৰ ২০২৪::অসম অৰুণাচল সীমান্তত বিহালী বনাঞ্চলত এটা চোৰাং চিকাৰী দলে বনাঞ্চল খনৰ পশু পশী হত্যাৰ পৰিকল্পনাৰে ঘূৰি থকা তথ্য লাভ কৰিছিল বৰগাং বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই।
ইফালে এই খৱৰৰ ভিত্তিত বেদেতী বন শিৱিৰ আৰু কুলাগুৰি বন শিৱিৰৰ দায়িত্বত থকা বন পালক মনেশ্বৰ গাম আৰু সঞ্জীৱ নাথক খবৰ দিয়াত নিশা দুয়োটা শিৱিৰৰ বৃহৎ এটা বন কৰ্মীৰ দলে চোৰাং চিকাৰীৰ দলটোক দেখাৰ লগে লগে গুলী চালনা কৰাত আন্ধাৰৰ সুযোগ লৈ দলটো পলায়ন কৰে যদিও ঘটনাস্থলীৰ পৰা এটা বন্দুক আৰু টৰ্চ লাইট্ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, যোৱা কেইদিনমান পূৰ্বেও বিহালী বনাঞ্চল খনৰ পৰা বন বিভাগৰ দলে এটা বন্দুক উদ্ধাৰ কৰিছিল। বন বিভাগৰ সূত্ৰ অনুসৰি অৰুণাচলৰ একাংশ লোকে বনাঞ্চল খনত নিশা হাতত মাৰনাস্ত্ৰ লৈ প্ৰৱেশ কৰে বনাঞ্চল খনত আৰু বনাঞ্চল খনৰ বন গাহৰি, চৰাই, হৰিণ আদি হত্যা কৰাৰ পৰিকল্পনা কৰে যদিও বহু বাৰ বিফল হোৱা বুলি প্ৰকাশ কৰে বন বিভাগে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*