অসমত ভূমিকম্পৰ জোকাৰণি ; অভিকেন্দ্ৰ গাৰো পাহাৰ

Earthquake of Magnitude: 3.9, Occured on: 16/12/2024 19:40:35 IST, Lat: 25.65 N, Long: 90.37 E, Depth: 10 Km, Region: West Garo Hills, Meghalaya. More details at www.seismo.gov.in or BhooKamp App

আজাৰা , ১৬ ডিচেম্বৰ : ৰাজ্যত চলি থকা শীত প্ৰবাহৰ মাজতে আজি নিশা অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেবাখনো ৰাজ্যত এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি নিশা ৭ বাজি ৪০ মিনিট ৩৫ ছেকেণ্ডত প্ৰায় ১৪ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৯ কম্পনাংক । আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ গাতে লগা মেঘালয়ত পশ্চিম গাৰো পাহাৰ জিলাৰ উত্তৰ পূৱ দিশত ১০ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক’তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*