●বৈচিত্ৰ্যৰ উছৱ, প্ৰতিভাৰ উৎকৰ্ষতা – ২৯ সংখ্যক সংস্কৰণ
আইআইটি গুৱাহাটীৰ প্ৰতিষ্ঠিত বাৰ্ষিক সাংস্কৃতিক মহোৎসৱ অলচেৰিংগাৰ ২৯ সংখ্যক সংস্কৰণ অহা ৩০ জানুৱাৰী পৰা ২ ফেব্ৰুৱাৰী ২০২৫ লৈকে অনুষ্ঠিত হ’ব।
সৰু আয়োজন হিচাপে আৰম্ভ হোৱা এই উৎসৱ এতিয়া এটা বিশাল সাংস্কৃতিক উদযাপনলৈ ৰূপান্তৰিত হৈছে। প্ৰতিবছৰে প্ৰায় ১,৪০,০০০ ৰ লোকৰ আগমনৰ লগতে ৫৫০তকৈ অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। অলচেৰিংগাই ভাৰতৰ পৰিসৰত এটা চিনাক্ত নাম হিচাপে পৰিগণিত হৈছে। ৪ দিনৰ এই উৎসৱত উদযাপন আৰু বিনোদনৰ বিভিন্ন অনুষ্ঠান থাকে। তাত থাকে ৰক পাৰ্ফৰ্মেন্স, মনোগ্ৰাহী শাস্ত্ৰীয় অনুষ্ঠান, চৌকস ফেশ্বন শ্ব’, কুইজ, আৰু ডিজে নাইট আদি।
পিছল কেইবছৰৰ ভিতৰত, অলচেৰিংগাই বিনোদন জগতৰ কেইবাটাও নামজুঁই ব্যক্তিক উপস্থাপন কৰিছে। তাৰে এজন হৈছে অৰ্মান মালিক, বিশাল-শেখৰ, মিকা সিং, মহিত চৌহান, আমাল মালিক, ৱইড। আনহাতে আন্তঃৰাষ্ট্ৰীয় শিল্পী যেনে চাৰ্লছ বি, ইজৰাইলৰ ডেথ মেটেল বেংড অৰ্ফানড লেণ্ড, ছুইছ ফ’ক মেটেল বেংড ইলুৱেইটি, আইৰিছ বেংড চিঅ’ৰাছ আৰু ফ্ৰেণ্টিক জেকৰ লগতে শাস্ত্ৰীয় সুৰৰ সংগীতজ্ঞ শংকৰ-এহছান-লয়, কে কে, জাভেদ আলি, চান, চনু নিগম আৰু বীৰ দাশ উপস্থিত আছিল।
Leave a Reply Cancel reply